বীমা বিতৰণ খণ্ডত আপষ্টক্সৰ নতুন খোজ

149

ভাৰতৰ এক আগশাৰীৰ সম্পদ ব্যৱস্থাপনা প্লেটফৰ্ম আপষ্টক্সে বীমা বিতৰণ খণ্ডত সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে। আপষ্টক্সৰ ষ্টক, এফএণ্ডঅ’ আৰু মিউচুৱেল ফাণ্ড অফাৰৰ বাবে জনাজাত আপষ্টক্সে বীমা মুকলিৰ জৰিয়তে নিজৰ সম্পদ নিৰ্মাণ প্লেটফৰ্ম সম্প্ৰসাৰিত কৰিছে। আজিৰ তাৰিখত আপষ্টক্স হৈছে ষ্টক, আইপিঅ’, এফএণ্ডঅ, সামগ্ৰী, মুদ্ৰা, ফিক্সড ডিপজিট, পি২পি লেণ্ডিং, চৰকাৰী বণ্ড, টি-বিল, এনচিডি, গল্ড(স্বৰ্ণ), বীমা আৰু অন্যান্য বহুতো বিত্তীয় সঁজুলিৰ বাবে ৱান ষ্টপ-শ্বপ।

সৰলীকৃত, স্বচ্ছ আৰু নিজৰ ইচ্ছানুযায়ী বীমা অভিজ্ঞতা প্ৰদান কৰি আপষ্টক্সে ভাৰতৰ বীমা বজাৰত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ এক প্লেটফৰ্ম মুকলি কৰিছে। বৰ্তমান এই মঞ্চখনে টাৰ্ম লাইফ বীমা প্ৰদান কৰে আৰু অচিৰে স্বাস্থ্য, মটৰ, আৰু ভ্ৰমণ বীমা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। এইচডিএফচি লাইফ আপষ্টক্সৰ সৈতে অংশীদাৰিত্ব কৰা প্ৰথম বীমা কোম্পানীসমূহৰ ভিতৰত অন্যতম আৰু প্ৰতিষ্ঠানটোৰ টাৰ্ম ইনশ্বুৰেন্স প্লেনসমূহ প্লেটফৰ্মত বিভিন্ন আকৰ্ষণীয় বৈশিষ্ট্যযুক্ত। বৰ্তমান ভাৰতৰ বীমাৰ অনুপ্ৰৱেশ মাত্ৰ ৪.২%, বহুতে এতিয়াও পৰম্পৰাগত আৰু এজেণ্ট চালিত মডেলৰ ওপৰত নিৰ্ভৰশীল।

আপষ্টক্সৰ লক্ষ্য হৈছে নিজৰ গ্ৰাহকসকলৰ বাবে জীৱন, স্বাস্থ্য, মটৰ আৰু ভ্ৰমণ বীমা সুশৃংখল কৰি বীমা সামগ্ৰীৰ ভুল বিক্ৰী(মিছ-চেলিং) সম্বন্ধীয় সমস্যাসমূহ সমাধান কৰা। কোম্পানীটোয়ে উন্নত প্ৰযুক্তি আৰু উদ্যোগত নিজৰ দক্ষতা-অভিজ্ঞতা ব্যৱহাৰ কৰি প্ৰধান পৰিকল্পনাসমূহ নিৰ্বাচিত কৰিছে, বীমা ক্ৰয় আৰু ক্লেইমসমূহ মসৃণ কৰি তুলিছে। এই বিষয়ে আপষ্টক্সৰ সহ-প্ৰতিষ্ঠাপক কবিতা সুব্ৰমণিয়ামে কয় যে, “আমি আপষ্টক্সত আমাৰ অফাৰসমূহৰ সম্প্ৰসাৰণ কৰি বীমা বিতৰণ খণ্ডত প্ৰৱেশ কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ।”