শ্ৰীলংকা আৰু মৰিচাছত আৰম্ভ ইউপিআই সেৱা

শ্ৰীলংকা আৰু মৰিচাছত সোমবাৰৰ পৰা ভাৰতৰ ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ (ইউপিআই) সেৱা আৰম্ভ কৰা হয়। এই সেৱা আৰম্ভ কৰা কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংহে আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগনাথেও অনলাইনৰ জৰিয়তে অংশগ্ৰহণ কৰে।

শ্ৰীলংকা আৰু মৰিচাছত ভাৰতীয় সেৱাৰ আৰম্ভণি দুয়োখন দেশৰ সৈতে ভাৰতৰ বৰ্ধিত দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্কৰ পটভূমিত সম্ভৱপৰ হৈ উঠিছে। এতিয়া শ্ৰীলংকা আৰু মৰিচাছ ভ্ৰমণ কৰা ভাৰতীয় নাগৰিকৰ লগতে ভাৰত ভ্ৰমণ কৰা এই দেশসমূহৰ নাগৰিকসকলৰ বাবে ইউপিআই সেৱা উপলব্ধ হ’ব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *