ইউনাইটেড ব্ৰুৱেৰীয়ে অসম আৰু মেঘালয়ত মুকলি কৰিলে কুইনফিচাৰ বিয়েৰ

171

হেইনকেন কোম্পানীৰ এটা অংশ ইউনাইটেড ব্ৰুৱেৰীজ লিমিটেডে (ইউবিএল) অসম আৰু মেঘালয়ৰ হাউচ অৱ কিংফিচাৰৰ পৰা কুইনফিছাৰ বিয়েৰ: দ্য কুইন অফ গুড টাইমছ গ্ৰাহকৰ বাবে মুকলি কৰিছে। গোৱাৰ গ্ৰাহকসকলৰ যথেষ্ট ইতিবাচক সঁহাৰিৰ দ্বাৰা উৎসাহিত হৈ নতুন বজাৰলৈ ভগ্নীৰ স্নেহবন্ধন অটুট ৰাখি এই উদযাপন সম্প্ৰসাৰিত কৰিছে। ১৮ মে’ত গুৱাহাটীৰ এক্সোটিকা গ্ৰীনত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এই বিয়েৰ।

১১ মাৰ্চত প্ৰথম অৱস্থাত গোৱাত মুকলি কৰা এই বিয়েৰে জনসাধাৰণৰ যথেষ্ট সমাদৰ লাভ কৰিছিল। উন্মোচনী অনুষ্ঠানত আইকনিক কেলেণ্ডাৰ উন্মোচন কৰা হয়, যাক এতিয়া গেলেণ্ডাৰ বুলি জনা যায়, অৱনী ৰায়ৰ কেমেৰাত তুলি ধৰা মহিলাসকলৰ বাস্তৱ জীৱনৰ কাহিনীবোৰ উপস্থাপন কৰা হৈছে কেলেণ্ডাৰখনত। প্ৰতিটো পৃষ্ঠাতে এটা কিউআৰ কোড অন্তৰ্ভুক্ত হৈ কৰা হৈছে, য’ত স্কেন কৰিলে কোপাল নাইথানিৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰৰ জৰিয়তে ভগ্নীৰ স্নেহবন্ধনৰ অনন্য মুহূৰ্তবোৰ উন্মোচিত হয়। এক অনন্য মাইক্ৰ’চাইট , queenfisher.in-এ সকলো লোককে মহিলাসকলে অনুভৱ কৰাৰ দৰেই ভগ্নীৰ স্নেহবন্ধনৰ পৃথিৱীখন বুজিবলৈ আৰু আনৰ সৈতে ভাগ বতৰা কৰিবলৈ নিজা ব্যক্তিগতকৃত গেলেণ্ডাৰ সৃষ্টি কৰিবলৈ সুযোগ দিয়ে।

৫০০ মিলিলিটাৰৰ কুইনফিচাৰ লেগাৰ বিয়েৰ সমগ্ৰ অসম আৰু মেঘালয়ৰ আগশাৰীৰ আউটলেটত সহজে উপলব্ধ হ’ব। ইউনাইটেড ব্ৰুৱেৰীজ লিমিটেডৰ চিএমঅ’ বিক্ৰম বেহেলে এই বিষয়ে কয় যে, “অসম তথা মেঘালয়ৰ লোকসকলে সৰ্বাংগীনতাক সদায়ে উদযাপন কৰি আহিছে আৰু কুইনফিচাৰে এই সংস্কৃতিৰ অংশ হ’বলৈ পাই গৰ্ব অনুভৱ কৰিছে।”