কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰীয়ে উদ্বোধন কৰিলে কৌশল ৰথ

কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে ঝাৰখণ্ডৰ কোডাৰ্মাৰ ঝুমৰি তেলাইয়াইনত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে কৌশল ৰথ। এই ৰথৰ জৰিয়তে গ্ৰামাঞ্চলৰ প্ৰান্তে প্ৰান্তে দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰি গ্ৰামাঞ্চলৰ নিবনুৱাৰ জীৱনলৈ ইতিবাচিক পৰিৱৰ্তন আনিবলৈ প্ৰয়াস কৰা হৈছে। কৌশল ৰথত উঠি অহা প্ৰজন্মৰ যুৱক-যুৱতীক আজিৰ সময়ৰ প্ৰাসংগিক আৰু শেহতীয়া দক্ষতাসমৃদ্ধি প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।

অত্যাধুনিক সঁজুলি আৰু প্ৰযুক্তিৰে সজ্জিত এই বাছখনে যুৱক-যুৱতীৰ দক্ষতা বৃদ্ধি কৰাৰ লগতে উদ্যোগসমূহত কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব। এই পদক্ষেপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিছপৰা অঞ্চলৰ উন্নয়ন, জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা, সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰ আৰু গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰৰ দৃষ্টিভংগীৰ সৈতে মিল আছে। এই বিষয়ে উন্মোচনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে কয় যে, “কৌশল ৰথে যুৱক-যুৱতীক দক্ষতা বৃদ্ধি, নিয়োগৰ সুযোগ বৃদ্ধি, প্ৰব্ৰজন হ্ৰাস আৰু অঞ্চলটোৰ আৰ্থ-সামাজিক বৃদ্ধিৰ বাবে প্ৰস্তুত কৰি তুলিছে।”

কৌশল ৰথে যুৱক-যুৱতীৰ বাবে উদ্যোগী মানসিকতা, ডিজিটেল সাক্ষৰতা আৰু নিয়োগৰ সুযোগ বৃদ্ধি কৰিছে। কৌশল ৰথে নিয়োগ আৰু দক্ষতাৰ বাবে ৱান-ষ্টপ সজাগতা বাহন হিচাপে কাম কৰিছে আৰু প্ৰতিযোগিতামূলক নিয়োগ বজাৰৰ বাবে নিবনুৱাসকলক প্ৰস্তুত কৰে। এই পদক্ষেপৰ জৰিয়তে শৈক্ষিক জ্ঞানক হাতে-কামে প্ৰশিক্ষণৰ জৰিয়তে একত্ৰিত কৰি তোলা হৈছে। লগতে শেহতীয়া সঁজুলি আৰু সামগ্ৰী-সেৱাৰ সৈতে পৰিচিত হোৱাৰো সুযোগ প্ৰদান কৰা হৈছে। এই পদক্ষেপে ভৌগোলিক বিভাজন বা প্ৰত্যাহ্বানসমূহ হ্ৰাস কৰি গুণগত আৰু উচ্চ মানদণ্ডৰ শিক্ষাৰ প্ৰৱেশ সুচল কৰি তুলিছে আৰু নৱীকৰণযোগ্য শক্তি, কৃষি আৰু স্বাস্থ্যসেৱাকে ধৰি বিভিন্ন উদ্যোগৰ বাবে দক্ষতা থকা লোকসকলক সবল-শক্তিশালী কৰি তুলিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *