সাংবাদিক বিজয় লক্ষ্মী বৰুৱাৰ দুখন স্বৰচিত গ্রন্থ উন্মোচন

জেষ্ট সাংবাদিক, সুলেখিকা বিজয় লক্ষ্মী বৰুৱাৰ ‘সংবাদ, সাংবাদিকতা আৰু সাংবাদিক’ আৰু ‘মুখাৰ আঁৰৰ মুখ’ নামৰ দুখন স্বৰচিত গ্রন্থ গুৱাহাটী প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে উন্মোচন কৰা হয়। গ্রন্থ দুখনৰ বিষয় বস্তু ব্যাখ্যা কৰি বৰুৱাই কয় যে সংবাদ মাধ্যমৰ প্রভাৱৰ প্রতি লক্ষ্য ৰাখি নবীন সাংবাদিক সকলৰ উপযোগি হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰৱন্ধ সন্নিৱিষ্ট কৰি সংবাদ, সাংবাদিকতাৰ কিতাপখন ৰচনা হৈছে আৰু ৰাজনৈতিক বা সামাজিক ক্ষেত্ৰত সততা, সেৱাৰ মনোবৃত্তি বৃদ্ধি কৰাৰ অৰ্থে মুখাৰ আঁৰৰ মুখ নামৰ গ্রন্থখন মনৰ ব্যক্তিগত ভাব প্রকাশ কৰি ৰচনা কৰা হৈছে।

গ্রন্থ উন্মোচন কৰি বিশিষ্ট লেখক হৃষীকেশ গোস্বামীয়ে আজিৰ সমাজত সাংবাদিকৰ দায়িত্ব অপৰিসীম আৰু কয় যে বৰুৱাৰ প্ৰৱন্ধবোৰে সংবাদ সেৱাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব বুলি তেওঁ আশা কৰে। প্রতিদিনৰ জ্যেষ্ঠ সাংবাদিক নীতুমনি শইকীয়াই বৰুৱাৰ সংবাদ আৰু সাংবাদিকতাখনৰ ওপৰত বিশেষভাবে পৰ্য্যালোচনা আগবঢ়াই আৰু নিজৰ অভিজ্ঞতাও ব্যক্ত কৰে। সভাত বিশিষ্ট লেখক স্বপ্ননীল বৰুৱাই সমন্বিতে এটা উৎসাহজনক ভাষণ আগবঢ়ায়। সভাত কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু সুলেখক উপস্থিত থাকে। সভাত পৰমেশ দত্তই সভাপতিত্ব কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *