টিভিএছ মটৰ কোম্পানীয়ে সম্পূৰ্ণ কৰিলে ২০২৬ বৰ্ষৰ বাছনি কাৰ্যসূচী

টিভিএছ মটৰ কোম্পানীয়ে সোমবাৰে টিভিএছ ইণ্ডিয়া ৱান মেক চেম্পিয়নশ্বিপ (অ’এমচি) ২০২৬ প্ৰশিক্ষণ আৰু বাছনি কাৰ্যসূচী সফলতাৰে সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰিছে, এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ দেশতে তৃণমূল পৰ্যায়ৰ মটৰস্পৰ্টছ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত মনোযোগ ধিক শক্তিশালী কৰা হৈছে।১৫ মে’ৰ পৰা ১৭ মে’লৈ চেন্নাইৰ মাদ্ৰাজ আন্তঃৰাষ্ট্ৰীয় চাৰ্কিটত অনুষ্ঠিত চূড়ান্ত বাছনি ৰাউণ্ডৰ জৰিয়তে দেশৰ ৪খন চহৰত আয়োজিত দেশজোৰা এই পদক্ষেপৰ সামৰণি পৰে। মহিলা, মিডিয়া, ৰুকী, ইলেক্ট্ৰিক আৰু টিভিএছ আপাচি আৰআৰ৩১০ বিশেষজ্ঞ শিতানত ১২০ জনতকৈ অধিক ৰেচাৰে এই বাছনি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে।

কোম্পানীটোৱে জনোৱা মতে, অংশগ্ৰহণকাৰীসকলে টিভিএছ ৰেচিং বিশেষজ্ঞৰ অধীনত গাঁথনিগত প্ৰশিক্ষণ আৰু মূল্যায়ন অধিবেশন গ্ৰহণ কৰে, য’ত ৰাইডিং কৌশল, ট্ৰেক সজাগতা, ধাৰাবাহিকতা, ৰাইডাৰৰ সুৰক্ষা আৰু ৰেচিং অনুশাসনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ২০২৬ চনৰ ছিজনতো টিভিএছ আপাচি ব্ৰেণ্ডৰ ২০ বছৰ সম্পূৰ্ণ হ’ল, যিয়ে টিভিএছ ৰেচিঙৰ “ট্ৰেক টু ৰোড” দৰ্শনৰ পৰা লাভৱান হৈ আছে বুলি কোম্পানীটোৱে কয়।টিভিএছ মটৰ কোম্পানীৰ প্ৰিমিয়াম শাখাৰ হেড বিজনেছ বিমল ছাম্বলীয়ে কয় যে, এই চেম্পিয়নশ্বিপে ভাৰতত এক পেছাদাৰী আৰু সুলভ ৰেচিং পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰাৰ লগতে ৰাইডাৰসকলক প্ৰাথমিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ আগবাঢ়ি যোৱাত সহায় কৰিছে।

১৯৯৪ চনত আৰম্ভ হোৱাৰ পিছৰে পৰা টিভিএছ ইণ্ডিয়া অ’এমচিয়ে ৪,০০০তকৈ অধিক ৰেচাৰক প্ৰশিক্ষণ দিছে আৰু দেশৰ অন্যতম বৃহৎ ৰাইডাৰ ডেভেলপমেণ্ট প্লেটফৰ্ম হিচাপে আত্মপ্ৰকাশ কৰিছে। ১৯৮২ চনত প্ৰতিষ্ঠা হোৱা টিভিএছ ৰেচিঙে ৰোড ৰেচিং, ৰেলিং আৰু ছুপাৰক্ৰছ ফৰ্মেটতো একাধিক সফলতা লাভ কৰিছে। প্ৰদৰ্শনকাৰী মটৰচাইকেল আৰু মটৰস্পৰ্ট সংস্কৃতিৰ বৰ্ধিত জনপ্ৰিয়তাই গুৱাহাটী মহানগৰীকো প্ৰভাৱিত কৰিছে, য’ত প্ৰিমিয়াম বাইক আৰু ৰেচিং-অনুপ্ৰাণিত মডেলৰ চাহিদা যুৱ উৎসাহীসকলৰ মাজত নিৰন্তৰ বৃদ্ধি পাইছে।  অঞ্চলটোৰ ব্যৱসায়ীসকলে বিশ্বাস কৰে যে, টিভিএছ ইণ্ডিয়া অ’এমচি-ৰ দৰে পদক্ষেপসমূহে উত্তৰ-পূৰ্বাঞ্চলত পেছাদাৰী ৰাইডিং সংস্কৃতিৰ বিষয়ে ব্ৰেণ্ডৰ সম্পৰ্ক আৰু সজাগতা শক্তিশালী কৰাত সহায় কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *