তুৰ্কী এয়াৰলাইনছে মুকলি কৰিলে নিজৰ বহনক্ষমতা ব্ৰেণ্ড “টুমৰু অন-ব’ৰ্ড”

122

পৃথিৱীৰ অধিকাংশ দেশলৈ বিমান চলাচল কৰোৱা তুৰ্কী এয়াৰলাইনছে ৫ জুনৰ বিশ্ব পৰিৱেশ দিৱসত প্ৰতিষ্ঠানটোৰ হাব ইস্তানবুল বিমানবন্দৰত এক বিশেষ অনুষ্ঠানৰ জৰিয়তে নিজৰ বহনক্ষমতা ব্ৰেণ্ড “টুমৰু অন-ব’ৰ্ড” মুকলি কৰিছে। “টুমৰু অন-ব’ৰ্ড” পদক্ষেপৰ সংগতি ৰাখি এই অনুষ্ঠানত বিমানৰ ভিতৰত বহনক্ষম সামগ্ৰী আৰু সেৱাৰ প্ৰদৰ্শনৰ লগতে পুনৰ উদ্দেশ্যপ্ৰণোদিত(ৰিপাৰ্পজ) বিমানৰ অংশৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ প্ৰদৰ্শনীৰো ব্যৱস্থা কৰিছিল।

সগৌৰৱে দেশৰ ৰাষ্ট্ৰীয় পতাকা বাহক বিমান প্ৰতিষ্ঠান তুৰ্কী এয়াৰলাইনছৰ বহনক্ষমতা ব্ৰেণ্ড “টুমৰু অন-ব’ৰ্ডে” নিজৰ ভৱিষ্যতৰ লক্ষ্যৰ পৰিসৰক সামৰি লৈছে আৰু কৰ্পৰেট সংস্কৃতিৰ অংশ হিচাপে যাত্ৰী আৰু বিনিয়োগকাৰীৰ সমুখত নিজৰ ব্যাপক দৃষ্টিভংগী উপস্থাপনৰ লক্ষ্য ৰাখিছে। “টুমৰু অন-ব’ৰ্ড”ৰ লক্ষ্য হৈছে ব্ৰেণ্ড ইমেজ উন্নত কৰা, বহনক্ষমতা বৃদ্ধিৰ বাবে এক ঐক্যবদ্ধ বাৰ্তা প্ৰদান কৰা, বিনিয়োগকাৰীসকলক বহনক্ষমতা কাৰ্যপন্থাৰ বিষয়ে অৱগত কৰা আৰু যাত্ৰীসকলে বহনক্ষমতাৰ পদক্ষেপসমূহত অংশগ্ৰহণ কৰাটো নিশ্চিত কৰা।

এই পদক্ষেপে কোম্পানীটোৰ বহনক্ষমতা পদ্ধতি আৰু যোগাযোগৰ প্ৰচেষ্টাক পথ প্ৰদৰ্শন কৰিব। এই শুভাৰম্ভণিৰ বিষয়ে নিজৰ অভমিত প্ৰকাশ কৰি তুৰ্কী এয়াৰলাইনছৰ মুখ্য বিনিয়োগ আৰু কৌশল বিষয়া লেভেণ্ট কনুকুৱে কয় যে, “টুমৰু অন-ব’ৰ্ড পদক্ষেপে ভৱিষ্যৎ প্ৰজন্মৰ বাবে এখন উন্নত পৃথিৱী উপহাৰ দিবলৈ আমাৰ সকলো কাৰ্যপন্থাত আমাৰ পৰিৱেশৰ প্ৰভাৱ হ্ৰাস আৰু বহনক্ষমতাৰ পদ্ধতি বৃদ্ধি কৰাৰ আমাৰ সমৰ্পণ মূৰ্ত কৰি তুলিছে। ”