টিটিএএডিচি-য়ে এম এম ইউ-ৰ জৰিয়তে ১০,০০০+ লোকৰ বাবে কৰিছে বিনামূলীয়া স্বাস্থ্যসেৱা

ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদে (টিটিএএডিচি) সমগ্ৰ ত্ৰিপুৰাত টেলিহেলথ কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচীৰ জৰিয়তে যোৱা ৬ মাহত প্ৰায় ১০,০০০ লোকে শীৰ্ষ মানদণ্ডৰ, প্ৰযুক্তি-সক্ষম স্বাস্থ্যসেৱা লাভ কৰিছে। টেলিহেলথ সেৱাবোৰ ভাৰতৰ অন্যতম প্ৰতিষ্ঠিত একত্ৰিত স্বাস্থ্যসেৱা প্ৰদানকাৰী এপ’ল’ হস্পিটেল গ্ৰুপে প্ৰদান কৰিছে। প্ৰশাসনিক সংস্কাৰ সমিতিৰ অধ্যক্ষ এইচ এইচ প্ৰদ্যুত বিক্ৰমমাণিক্য আৰু অন্যান্য বিষয়াসকলৰ দ্বাৰা ২০২২ চনৰ মে’ মাহত টিটিএএডিচিৰ দ্বাৰা পৰিচালিত খেৰেংবাৰ হাস্পাতালত টেলি-ইমাৰ্জেন্সি ইউনিটো উদ্বোধন কৰা হৈছিল।

এপ’ল’ টেলিহেলথ কাৰ্যসূচীৰ অধীনত ৬ টা মোবাইল চিকিৎসা ইউনিট(এমএমইউ)ৰ জৰিয়তে ধলাই, গোমতী, খোৱাই, চিপাহিজালা আদি অঞ্চলত ৰোগীসকলক ২০+ এপ’ল’ হাস্পাতালৰ বিশেষজ্ঞ চিকিৎসকে ভাৰ্চুৱেল চিকিৎসা প্ৰদান কৰে আৰু এটা সম্পূৰ্ণভাৱে সজ্জিত টেলি-ইমাৰ্জেন্সি কেন্দ্ৰ গঠন কৰে। এই সকলোবোৰ সেৱা ত্ৰিপুৰাৰ লোকসকলক বিনামূলীয়াকৈ প্ৰদান কৰা হয়।

টেলি-ইমাৰ্জেন্সি ইউনিটৰ অনন্য অংশটো হ’ল যে প্ৰশিক্ষিত পেৰামেডিকে জীৱনৰ প্ৰতি ভাবুকি থকা ৰোগীসকলক চিকিৎসক শাৰীৰিকভাৱে উপস্থিত নোহোৱাকৈ এক উন্নত ভিডিঅ’ কনফাৰেন্সিং প্ৰণালীৰ জৰিয়তে জৰুৰীকালীন চিকিৎসকৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ কৰি দ্ৰুতগতিত চিকিৎসা কৰে। ই সম্পূৰ্ণৰূপে উন্নত চিকিৎসা আৰু আইচিটি সঁজুলিৰে সজ্জিত আৰু সামান্য আঘাত, ষ্ট্ৰোক আৰু আনকি সাপৰ কামোৰ খোৱা ৰোগীসকলকো চিকিৎসা কৰি সুস্থ কৰিব পাৰে।

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *