ট্ৰুকলাৰত ব্যৱহাৰকাৰীৰ সংখ্যা ৪০০ মিলিয়ন অতিক্ৰম, যোগাযোগ সুৰক্ষাত স্থাপন নতুন মানদণ্ড

113

মাহেকীয়া ৪০০ মিলিয়ন সক্ৰিয় ব্যৱহাৰকাৰীক অতিক্ৰম কৰি ট্ৰুকলাৰে এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে। বিভিন্ন আৰু বিচিত্ৰ ভৌগোলিক বজাৰত কোম্পানীটোৱে দ্ৰুত বৃদ্ধি লাভ কৰিছে, চলিত বৰ্ষৰ ৩১ মাৰ্চৰ পৰা ১০.১ মিলিয়ন ব্যৱহাৰকাৰী যোগ দিবলৈ সক্ষম হৈছে। ট্ৰুকলাৰৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া এলান মামেদিয়ে এই বিষয়ে কয় যে, “প্ৰতি মাহে ৪০০ মিলিয়ন সক্ৰিয় ব্যৱহাৰকাৰীৰ কাষ চাপিবলৈ সক্ষম হোৱাটো আমাৰ বাবে নিতান্তই গৌৰৱৰ বিষয়ে।

সময় বাগৰাৰ লগে লগে আমি এই কথাও অৱগত হৈছোঁ যে ট্ৰুকলাৰৰ দৰে সমাধানৰ প্ৰয়োজনীয়তা আজিৰ তাৰিখত যথেষ্ট বেছি। দুৰ্ভাগ্যবশতঃ গ্ৰাহকৰ ফোনত অবাঞ্ছিত যোগাযোগ, স্পাম আৰু প্ৰৱঞ্চনাৰ সমস্যা ব্যক্তি আৰু ব্যৱসায়ত যথেষ্ট আহুকালৰ সৃষ্টি কৰিছে। নতুন প্ৰযুক্তি আৰু প্ৰৱঞ্চকসকলৰ বাবে ধন উপাৰ্জনৰ বৰ্ধিত সুযোগে এই বিকাশক চালিত কৰি আহিছে। আমি আমাৰ এপটো বিকশিত কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছোঁ আৰু ফোন কল বা এছএমএছৰ পূৰ্বে সময়ত আৰু পিছত আমাৰ ব্যৱহাৰকাৰীসকলক সুৰক্ষিত কৰিবলৈ নতুন কাৰ্যক্ষমতা যোগ দিবলৈ সক্ষম হৈছোঁ।”

২০২৪ চনৰ প্ৰথম ত্ৰৈমাসিকত ট্ৰুকলাৰে প্ৰতিমাহে গড়ে ৩৮৩.৪ মিলিয়ন সক্ৰিয় ব্যৱহাৰকাৰীৰ প্ৰতিবেদন প্ৰকাশ কৰিছে। এই ত্ৰৈমাসিকৰ শেষলৈকে মাহেকীয়া সক্ৰিয় ব্যৱহাৰকাৰীৰ সংখ্যা হৈছেগৈ ৩৮৯.৯ মিলিয়ন। প্ৰতিষ্ঠানটোৱে অন্তৱৰ্তীকালীন প্ৰতিবেদনৰ সৈতে জড়িত ত্ৰৈমাসিক ভিত্তিত মাহেকীয়া আৰু দৈনিক ব্যৱহাৰকাৰীৰ গড় সংখ্যাৰ প্ৰতিবেদন অব্যাহত ৰখাৰ পৰিকল্পনা কৰিছে।