বৰ্ধিত ডিজিটেল সুৰক্ষাৰ বাবে ফ্ৰড ইঞ্চুৰেন্স আগবঢ়াইছে ট্ৰুকলাৰ আৰু এইচডিএফচি এৰ্গ’ই

103

ভাৰতৰ আগশাৰীৰ সাধাৰণ বীমা প্ৰতিষ্ঠান এইচডিএফচি এৰ্গৰ সহযোগত বিশ্বৰ আগশাৰীৰ গ্লোবেল কমিউনিকেচন প্লেটফৰ্ম ট্ৰুকলাৰে ভাৰতত ডিজিটেল যোগাযোগ জালিয়াতিৰ বিৰুদ্ধে গ্ৰাহকক বৰ্ধিত সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ফ্ৰড ইঞ্চুৰেন্স আৰম্ভ কৰাৰ কথা সগৌৰৱে ঘোষণা কৰিছে।  শেহতীয়াকৈ ইণ্ডিয়ান চাইবাৰ ক্ৰাইম ক’ৰ্ডিনেচন চেণ্টাৰে প্ৰকাশ কৰা প্ৰতিবেদনত প্ৰকাশ পাইছে যে ডিজিটেল বিত্তীয় জালিয়াতিৰ পৰিমাণ যোৱা ৩ বছৰত আচৰিত ধৰণে ১.২৫ লাখ কোটি টকা হৈছেগৈ। চাইবাৰ জালিয়াতিৰ ক্ৰমবৰ্ধমান ঘটনাৰ সৈতে মোকাবিলা কৰিবলৈ এই ফ্ৰড ইঞ্চুৰেন্সৰ সুবিধাই সমগ্ৰ ভাৰতৰ এণ্ড্ৰইড আৰু আই অ’ এছ ব্যৱহাৰকাৰীসকলক ১০,০০০ টকা পৰ্যন্ত কভাৰেজ প্ৰদান কৰিব।

ট্ৰুকলাৰৰ বছৰি প্ৰিমিয়াম গ্ৰাহকসকলৰ বাবে এই সামগ্ৰী উপলব্ধ আৰু বৰ্তমানৰ সকলো গ্ৰাহকে নিজৰ বৰ্তমানৰ প্লেনৰ অধীনত এই সুৰক্ষা বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। সকলো ব্যৱহাৰকাৰীৰ বাবে মসৃণ আৰু বাধাহীন অভিজ্ঞতা নিশ্চিত কৰিবলৈ ফ্ৰড কভাৰেজক ট্ৰুকলাৰ এপত নিৰৱচ্ছিন্নভাৱে সংযুক্ত কৰা হৈছে আৰু ব্যৱহাৰকাৰীয়ে ইঞ্চুৰেন্স অপচনত এবাৰ বিকল্প গ্ৰহণ কৰাৰ পিছত সক্ৰিয় কৰা হয়। ট্ৰুকলাৰৰ ফ্ৰড ইঞ্চুৰেন্স মুকলিৰ বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি ভাৰতৰ চীফ প্ৰডাক্ট অফিচাৰ আৰু এমডি ঋষিত ঝুনঝুনৱালাই কয় যে, “আমি উদ্ভাৱন আৰু ডিজিটেল যোগাযোগৰ পৰিৱৰ্তিত দৃশ্যপটৰ সৈতে সংগতি ৰাখি ট্ৰুকলাৰে ব্যৱহাৰকাৰীসকলক অনলাইন ব্যৱস্থাত সুৰক্ষিত হৈ থাকিবলৈ প্ৰয়োজনীয় সঁজুলিসমূহৰ সৈতে শক্তিশালী কৰাৰ আমাৰ প্ৰতিশ্ৰুতিত অটল হৈ আছোঁ।”

এই বিষয়ে এইচডিএফচি এৰ্গৰ জেনেৰেল ইঞ্চুৰেন্সৰ কমাৰ্চিয়েল শাখাৰ যুটীয়া সচিব বিশাল চিকন্দে কয় যে, “আমাৰ বিস্তৃত বীমাৰ অফাৰ, ট্ৰুকলাৰৰ বিস্তৃত ব্যৱহাৰকাৰী ভিত্তিৰ সৈতে সংযুক্ত হৈ দেশত ডিজিটেল যোগাযোগ জালিয়াতিৰ পৰা সুৰক্ষাৰ লগতে বিত্তীয় অন্তৰ্ভুক্তিক আগুৱাই নিয়াৰ প্ৰয়াস কৰিছোঁ।”ডিজিটেল ব্যৱসায়ৰ সজীৱ জগতখনৰ সৈতে গুৱাহাটীৰ বজাৰখনে এই পদক্ষেপৰ পৰা যথেষ্ট লাভৱান হ’বলৈ সাজু দিছে। অনলাইন লেনদেনৰ বাবে এক ব্যস্ত কেন্দ্ৰ হিচাপে ট্ৰুকলাৰৰ ফ্ৰড ইঞ্চুৰেন্সৰ অতিৰিক্ত সুৰক্ষা স্তৰে ব্যৱসায়ী আৰু গ্ৰাহকসকলক একেদৰেই নিজৰ ডিজিটেল পাৰস্পৰিক কাৰ্য-কলাপত বৰ্ধিত আস্থা প্ৰদান কৰিছে।