টয়োটাই গুৱাহাটীত আয়োজন কৰা পঞ্চম ‘গ্ৰেট ৪X৪ এক্সপেডিচন’ৰ সামৰণি, অংশগ্ৰহণকাৰীক দিলে অফ-ৰোডিঙৰ অবিস্মৰণীয় আৰু দুঃসাহসিক অভিজ্ঞতা

টয়োটা কিৰ্লোস্কাৰ মটৰ(টিকেএম)ৰ মনোমোহা উত্তৰ-পূৰ্বাঞ্চলত বহু প্ৰত্যাশিত ‘গ্ৰেট ৪X৪ এক্সপেডিচন’ৰ সফল সামৰণি পৰিছে। ২০২৪ চনৰ ৮ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ অনুষ্ঠিত হোৱা এই ৩ দিনীয়া এক্সট্ৰাভাগাঞ্জাই গুৱাহাটীৰ বৈচিত্ৰ্যময় পৰিৱেশৰ পৰা মেঘালয়ৰ মনোমোহা আৰু দৃষ্টিনন্দন প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে এক অবিস্মৰণীয় অভিজ্ঞতা প্ৰদানৰ বাবে ৪X৪  উৎসুক অনুৰাগীসকলক একত্ৰিত কৰিছিল।২০২৩ৰ মে’ মাহৰ পৰা যাত্ৰা আৰম্ভ কৰা এই অনুষ্ঠানটোৱে ভাৰতৰ বিভিন্ন অঞ্চলত ধাৰাবাহিক অভিযান চলাই ৪X৪  অনুৰাগীৰ মাজত অপৰিসীম জনপ্ৰিয়তা লাভ কৰিছে। টয়োটাৰ মূল উদ্দেশ্য হৈছে ৪X৪  সম্প্ৰদায়ৰ সৈতে জড়িত থাকি নিজৰ বৈচিত্ৰময় এছ ইউ ভি বাহনসমূহৰ অনন্য ক্ষমতা প্ৰদৰ্শন কৰা আৰু আৰোহীক অতুলনীয় অফ-ৰোডিং অভিজ্ঞতা প্ৰদান কৰা।

গুৱাহাটীৰ হোটেল ভিভাণ্টাত টয়োটাৰ আইকনিক বাহন যেনে হাইলাক্স, এল চি ৩০০, ফৰ্চুনাৰ আৰু হাইৰাইডাৰ এ ডব্লিউ ডি আদি বাহনসমূহেৰে এই উত্তৰ-পূব অভিযান আৰম্ভ হৈছিল। অংশগ্ৰহণকাৰীসকলে চৌপাশৰ নান্দনিক পৰিৱেশ আৰু আধুনিক শিল্পৰ বাবে পৰিচিত পি আৰ পি উপত্যকাৰ ঠেক ভূখণ্ডৰ মাজেৰে এক আমোদজনক যাত্ৰাত অংশ লৈছিল। মেঘালয়ৰ মনোমোহা পৰিৱেশৰ মাজেদি আগুৱাইছিল এই অভিযান, য’ত অংশগ্ৰহণকাৰীসকলে ৪X৪ বিশেষজ্ঞৰ তত্বাৱধানত প্ৰত্যাহ্বানমূলক অফ-ৰোড ট্ৰেকৰ মাজেৰে যাত্ৰা কৰিছিল। এই অনুষ্ঠানটো বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰি সকলোৱে উদযাপনৰ মাজেৰে সমাপ্ত হৈছিল, যিয়ে সকলোৰে বাবে এক আনন্দদায়ক পৰিৱেশ সৃষ্টি কৰিছিল।

পৰিৱেশ সংৰক্ষণ অভিযান এক অন্যতম অংশ আছিল এই অনুষ্ঠানৰ, য’ত অংশগ্ৰহণকাৰীসকলে সংকল্প টৰু নামৰ বেচৰকাৰী সংগঠনটোৰ জৰিয়তে বৃক্ষৰোপণৰ প্ৰচেষ্টাত অৰিহণা যোগাইছিল। প্ৰতিজন অংশগ্ৰহণকাৰীয়ে তেওঁলোকৰ হৈ ৰোপণ কৰা গছপুলিবোৰৰ বাবে এখন বিশেষ প্ৰমাণপত্ৰ প্ৰদান কৰিছিল, যিয়ে পুলিটোৰ বৃদ্ধি অনুসৰণ কৰাৰ বাবে কিউআৰ কোড প্ৰদান কৰিছে যাতে ইয়াক নিজে প্ৰত্যক্ষ কৰিব পাৰে। এই অভিযানৰ সফলতাৰ দিশটো প্ৰতিফলিত কৰি টয়োটা কিৰ্লোস্কাৰ মটৰৰ বিক্ৰী-সেৱা-ব্যৱহৃত কাৰ ব্যৱসায় খণ্ডৰ উপাধ্যক্ষ চবৰি মনোহৰে ৪X৪ সম্প্ৰদায়ৰ অভূতপূৰ্ব সঁহাৰিত যথেষ্ট উত্হাস প্ৰকাশ কৰিছে। তেওঁ টয়োটাৰ অভিনৱ অভিজ্ঞতা প্ৰদান কৰা আৰু দুঃসাহসিক যাত্ৰাৰ বাবে আগ্ৰাহী বা উৎসাহী লোকসকলৰ মাজত সৌহাৰ্দ্যৰ অনুভূতি বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *