টয়োটা কাৰিকৰী শিক্ষা কাৰ্যসূচী

টয়োটা কিৰ্লোস্কাৰ মটৰে ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম (এনএছডিচি), অটোমোটিভ স্কিল ডেভেলপমেণ্ট কৰ্পোৰেচন (এএছডিচি)ৰ সহায়ত কলকাতাৰ জৰ্জ টেলিগ্ৰাফ প্ৰশিক্ষণ প্ৰতিষ্ঠানত ৫৮ তম টি-টিইপি প্ৰতিষ্ঠান মুকলি কৰাৰ কথা ঘোষণা কৰে।

এই প্ৰচেষ্টাৰ প্ৰাথমিক উদ্দেশ্য হৈছে গ্ৰাম্য এলেকাৰ ওপৰত বিশেষ গুৰুত্ব দি শিক্ষাৰ্থীৰ দক্ষতা বৃদ্ধি কৰা, যাৰ দ্বাৰা কোম্পানীৰ অনন্য প্ৰশিক্ষণ প্ৰচেষ্টা যেনে টয়োটা কাৰিকৰী শিক্ষা কাৰ্যসূচী (টি-টিইপি)ৰ জৰিয়তে তেওঁলোকৰ নিয়োগযোগ্যতা শক্তিশালী কৰা। অটোমোবাইল উদ্যোগৰ বাবে প্ৰতিভাশালী আৰু কাৰিকৰীভাৱে দক্ষ পেছাদাৰী সৃষ্টি কৰাৰ লক্ষ্যৰে, টি-টিইপিয়ে ভাৰতৰ “স্কিল ইণ্ডিয়া” অভিযানত শক্তিশালী অৰিহণা যোগায়। টি-টিইপিৰ সৈতে, এতিয়ালৈকে, টিকেএম সমগ্ৰ দেশৰ ২২ খন ৰাজ্যক সামৰি ৫৮ টা আইটিআই/পলিটেকনিক প্ৰতিষ্ঠানৰ সৈতে সম্পৰ্কিত। বৰ্তমান, ১২,০০০ ৰো অধিক শিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়া হৈছে আৰু ৭০% শিক্ষাৰ্থীয়ে দেশৰ বিভিন্ন অটোমোবাইল কোম্পানীৰ ডিলাৰশ্বিপত কাম কৰি আছে।

কোম্পানীটোৱে ইয়াৰ ডিলাৰ অংশীদাৰৰ সৈতে আন্তঃগাঁথনি, ই-লাৰ্ণিং সমল, ইঞ্জিন, ট্ৰেন্সমিচন, অনুশীলন কিটৰ বাবে ১.৫নিযুত টকাৰ অধিক বিনিয়োগ কৰিছে আৰু প্ৰতিষ্ঠানটোৰ অনুষদক ইয়াৰ অনন্য ট্ৰেইন-দ্য-ট্ৰেইনাৰ পদ্ধতিৰ জৰিয়তে প্ৰশিক্ষণ দিছে। ইয়াৰ উপৰিও, টিকেএমৰ ডিলাৰ অংশীদাৰ – টপেল টয়োটা আৰু চাইনি টয়োটাই এই শিক্ষাৰ্থীসকলক অন-জব-ট্ৰেইনিং প্ৰদান কৰি সমৰ্থন কৰিব। জৰ্জ টেলিগ্ৰাফ ট্ৰেইনিং ইনষ্টিটিউট, কলকাতাই টি-টিইপি পাঠ্যক্ৰমৰ জৰিয়তে এই কাৰ্যসূচীকাৰ্যকৰীভাৱে গ্ৰহণ কৰিব আৰু শিক্ষাৰ্থীসকলক কামৰ সময়ত প্ৰশিক্ষণ ল’বলৈ সক্ষম কৰিব।

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *