টয়োটাই আগবঢ়াইছে আৰ্বান ক্ৰুজাৰ টাইজৰ, ভাৰতত এছইউভি উৎকৰ্ষতাক প্ৰদান কৰিলে নতুন মাত্ৰা

134

টয়োটা কিৰ্লোস্কাৰ মটৰে ভাৰতত এছইউভি বাহন সূচীৰ শেহতীয়া সংযোজন আৰ্বান ক্ৰুজাৰ টাইজৰ মুকলি কৰিছে। টয়োটাৰ এছইউভি ঐতিহ্যক সমসাময়িক ষ্টাইল আৰু উন্নত প্ৰযুক্তিৰ সৈতে সংমিশ্ৰণ কৰি ডিজাইন কৰা আৰ্বান ক্ৰুজাৰ টাইজৰৰ লক্ষ্য হৈছে ভাৰতীয় গ্ৰাহকৰ বাবে ড্ৰাইভিং অভিজ্ঞতাক ন ৰূপত সংজ্ঞায়িত কৰা।

বাহনখনৰ বাহ্যিক অংশক প্ৰৌজ্বল কৰি আৰ্বান ক্ৰুজাৰ টাইজৰত এটা সুকীয়া ফ্ৰণ্ট গ্ৰীল, চিকচিকিয়া ১৬” এলয় হুইল আৰু নিৰ্বাচিত ভেৰিয়েণ্টত গতিশীল অল ব্লেক পেইণ্টেড এলয় হুইল দিয়া হৈছে, যিয়ে কৌশল আৰু ক্ৰীড়াসুলভতা দুয়োটাকে মূৰ্ত কৰি তুলিছে। বিভিন্ন গ্ৰাহকৰ পছন্দ অনুসৰি বাহনখনত শক্তিশালী ১.০এল টাৰ্বো, দক্ষ ১.২এল পেট্ৰ’ল আৰু পৰিৱেশ-অনুকূল ই-চিএনজি ভেৰিয়েণ্টৰ ইঞ্জিনৰ বিকল্প প্ৰদান কৰা হৈছে। ভিতৰভাগত বাহনখনত ডুৱেল টোন ডেশ্বব’ৰ্ড, প্ৰিমিয়াম ফেব্ৰিক ছীট আৰু বৰ্ধিত সংযোগ আৰু সুৰক্ষাৰ বাবে টয়োটা আইকনেক্ট চিষ্টেম, হেড-আপ ডিছপ্লে আৰু ৩৬০ ভিউ কেমেৰাৰ দৰে উন্নত বৈশিষ্ট্যৰ এক বিশাল কেবিন সন্নিৱিষ্ট কৰা হৈছে।

সুৰক্ষা বৈশিষ্ট্যসমূহৰ ভিতৰত অন্যতম ৬টা এয়াৰবেগ, হিল হোল্ড এছিষ্টৰ সৈতে ভেহিকেল ষ্টেবিলিটী কণ্ট্ৰ’ল, ইবিডিৰ সৈতে এবিএছ, পথত ব্যাপক সুৰক্ষা নিশ্চিতকৰণ ইত্যাদি। বাহনখনৰ প্ৰাৰম্ভিক মূল্য ৭,৭৩,৫০০ (এক্স-শ্ব’ৰুম)ৰ পৰা আৰম্ভ হৈছে আৰু ২০২৪ চনৰ মে’ মাহৰ ডেলিভাৰীৰ বাবে বুকিং মুকলি হৈছে, আগন্তুক দিনবোৰত টয়োটাই ক্ৰেতাসকলক ব্যয়সাধ্যতা আৰু অধিক নমনীয়তা প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে।