টয়োটা কিৰ্লোস্কাৰ মটৰ(টিকেএম)-এ আজি আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰ বাহনখনৰ সুবিধাসমূহৰ উন্নীতকৰণৰ কথা ঘোষণা কৰিছে, যি সুৰক্ষা, আৰাম আৰু সুবিধাক ন ৰূপত সংজ্ঞায়িত কৰিছে। শেহতীয়া বৰ্ধিতকৰণে গ্ৰাহক-কেন্দ্ৰিক উদ্ভাৱনৰ প্ৰতি টয়োটাৰ প্ৰতিশ্ৰুতিক অংকিত কৰে, মূল্যৱান প্ৰতিক্ৰিয়া(ফিডবেক) আৰু ড্ৰাইভিং অভিজ্ঞতা উন্নত কৰাৰ বাবে বজাৰৰ ট্ৰেণ্ডৰ বিকশিত কৰা।
ভাৰতৰ প্ৰথমটো চেলফ-চাৰ্জিং ষ্ট্ৰং হাইব্ৰিড ইলেক্ট্ৰিক এছইউভি হিচাপে ব্যাপকভাৱে উদযাপন আৰু আঁকোৱালি লোৱা আৰ্বান ক্ৰুজাৰ হাইড্ৰাইডাৰখন ইতিমধ্যে ১ লাখ বাহন বিক্ৰীৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। এই পৰিসংখ্যাই প্ৰমাণ কৰে যে, উদ্ভাৱনীমূলক প্ৰযুক্তি, ব্যতিক্ৰমী ইন্ধন অৰ্থনীতি, গতিশীল প্ৰদৰ্শন আৰু প্ৰিমিয়াম ড্ৰাইভিং অভিজ্ঞতাৰে গ্ৰাহকৰ হৃদয় জয় কৰিছে। আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰৰ মুকলিৰ বিষয়ে সদৰি কৰি টয়োটাৰ বিক্ৰী-সেৱা-ব্যৱহৃত গাড়ী ব্যৱসায় শাখাৰ উপাধ্যক্ষ ভেৰিণ্ডাৰ ৱাধৱাই কয় যে, “শেহতীয়া আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰে বেষ্ট-ইন-ছেগমেণ্ট প্ৰযুক্তি, উন্নত সুৰক্ষা আৰু উচ্চ মানদণ্ডৰ আৰাম প্ৰদানৰ বাবে আমাৰ সমৰ্পণৰ এয়া এক চাক্ষুস প্ৰমাণ।”
নতুন বাহনখনৰ চিকচিকিয়া বাহ্যিক অংশত আছে এলইডি প্ৰজেক্ট হেডলেম্প, টুইন এলইডি ডিআৰএল, এক স্পন্দনশীল স্কিড প্লেট, ক্রিষ্টাল এক্ৰিলিক গ্ৰীল আৰু ১৭ ইঞ্চিৰ এলয় হুইল, যিবোৰ ৭টা মনোটন আৰু ৪টা ডুৱেল-টোন ৰঙত উপলব্ধ। উন্নত বৈশিষ্ট্যসমূহ উন্নীতকৰণ কৰা এই আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰৰ আকৰ্ষণীয় মূল্য ১১.৩৪ লাখ টকা[এক্স শ্ব’ৰুম]ৰ প্ৰাৰম্ভিমক মূল্যত উপলব্ধ। গ্ৰাহকসকলে সমীপৰ টয়োটা ডিলাৰশ্বিপলৈ গৈ দৰ্শন কৰিব পাৰে বা অনলাইনত https://www.toyotabharat.com/#ৰ জৰিয়তে এতিয়াই বুকিং কৰিব পাৰে।