দেশৰ ‘মেক ইন ইণ্ডিয়া’ৰ দৃষ্টিভংগিত অৰিহণা যোগোৱাৰ প্ৰচেষ্টাত আৰু মুঠ ৪,৮০০ কোটি টকাৰ বিনিয়োগৰ ভিতৰত কাৰ্বন নিৰ্গমন দ্ৰুতগতিত হ্ৰাস কৰিবলৈ টয়’টা গ্ৰুপ অৱ কোম্পানীয়ে টয়’টা কিৰ্ল’স্কাৰ মটৰ আৰু টয়’টা কিৰ্ল’স্কাৰ অট’ পাৰ্টছ গঠন কৰি কৰ্ণাটক চৰকাৰৰ ওচৰত ৪,১০০ কোটি টকা বিনিয়োগৰ বাবে তেওঁলোকৰ বুজাবুজি চুক্তি ঘোষণা কৰে। এই ঘোষণাটো টয়’টা কিৰ্ল’স্কাৰ মটৰৰ ভাৰতত ২৫ বছৰৰ সফল যাত্ৰাৰ সৈতে মিলিত হয়। স্থানীয় উৎপাদন পৰিৱেশ-প্ৰণালী বৃদ্ধি কৰাৰ উপৰিও, নতুন উন্নয়নে নিযুক্তি সৃষ্টি আৰু স্থানীয় সামূহিক বিকাশত এক গতি প্ৰদান কৰিব।কৰ্ণাটক চৰকাৰৰ বৃহৎ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী ড০ মুৰুগেশ আৰ নিৰানী, কৰ্ণাটক চৰকাৰৰ মুখ্য সচিব শ্ৰী ৰবি কুমাৰ আৰু বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান উপলক্ষে উপস্থিত থকা অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বাসবৰাজ বোম্মাই আৰু টয়’টা কিৰ্ল’স্কাৰ মটৰৰ উপাধ্যক্ষ শ্ৰী বিক্ৰম এছ কিৰ্ল’স্কাৰৰ মাজত এই বুজাবুজি চুক্তিৰ আদান-প্ৰদান কৰা হয়।
এই বুজাবুজি চুক্তি অনুসৰি, টয়’টা গ্ৰুপ অফ কোম্পানীয়ে ভাৰতক এক স্ব-নিৰ্ভৰশীল উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰণালীবদ্ধভাৱে বিনিয়োগ কৰিব, এনেদৰে চৰকাৰৰ ‘মেক ইন ইণ্ডিয়া’ আৰু ‘আত্ম নিৰ্ভৰ ভাৰত’ অভিযানত অৰিহণা যোগাব। বিনিয়োগবোৰৰ উদ্দেশ্য হৈছে সেউজীয়া প্ৰযুক্তিৰ প্ৰচাৰ কৰা যিয়ে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত আৰু কাৰ্বন নিৰ্গমন হ্ৰাস কৰাত সহায় কৰিব। টয়’টা পৰিৱেশ প্ৰত্যাহ্বান ২০৫০-ৰ অংশ হিচাপে, টয়’টাই ২০৫০ চনৰ ভিতৰত ইয়াৰ কাৰ্বন নিৰপেক্ষতাৰ লক্ষ্যবোৰ উপলব্ধি কৰিবলৈ সামগ্ৰিকভাৱে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব দিয়া অব্যাহত ৰাখিব।
ইয়াৰ আৰম্ভণিৰ পৰা, টয়’টা এক স্থিৰ, বহনক্ষম আৰু প্ৰতিযোগিতামূলক স্থানীয় যোগান শৃংখলা গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু চৰকাৰৰ ‘মেক ইন ইণ্ডিয়া’ অভিযানৰ সৈতে সংগতি ৰাখি অট’ পাৰ্টচ আৰু উপাদানসমূহৰ স্থানীয়কৰণৰ প্ৰচাৰত গুৰুত্বপূৰ্ণ প্ৰচেষ্টা গ্ৰহণ কৰিছে।