আজি ৰাজ্যজুৰি পালন কৰা শ্বহীদ দিৱস। এই উপলক্ষে জিলাই জিলাই পৰিৱেশন শ্বহীদ প্ৰণামো তোমাক গীতটি। আজি এই বিশেষ দিনটোতে ৮৬০ গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। উল্লেখ্য যে, ১৯৭৯ চনৰ ১০ ডিচেম্বৰৰ দিনটোতে অসম আন্দোলনৰ সময়ত বৰপেটাত আৰক্ষীৰ গুলীত নিহত হৈছিল খৰ্গেশ্বৰ তালুকদাৰ। তেওঁ হৈছে ছবছৰীয়া অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ। প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত আজিৰ দিনটো ৰাজ্যজুৰি শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে।
আজি ৰাজ্যজুৰি পালন শ্বহীদ দিৱস
