টিকেএমে প্ৰদৰ্শন কৰিছে অভিনৱ সেউজ প্ৰযুক্তিৰ প্ৰডাক্ট লাইন-আপ

টয়টা কিৰ্লোস্কাৰ মটৰে ভাৰত মবিলিটী গ্ল’বেল এক্সপ’ ২০২৪ত উন্নত সেউজ প্ৰযুক্তিৰ প্ৰডাক্টৰ বিবিধ আকৰ্ষণীয় পৰিসৰ আৰু স্থানীয়কৰণৰ পদক্ষেপসমূহ প্ৰদৰ্শন কৰিছে। ‘ভাৰতৰ সমৃদ্ধি – ভাৰতৰ সৈতে সমৃদ্ধি’ বিষয়বস্তুক পেভিলিয়নত উপস্থাপন কৰা হৈছে, লগতে উজ্জ্বল আৰু বহনক্ষম ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় ‘মাল্টিপল পথ পদ্ধতি’ৰ জৰিয়তে ‘আত্মনিৰ্ভৰ ভাৰত’, ‘শক্তি সুৰক্ষা’ আৰু ‘কাৰ্বন নিৰপেক্ষতা’ৰ প্ৰধান ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ প্ৰতি প্ৰতিষ্ঠানটোৰ দায়বদ্ধতাক আলোকপাত কৰিছে।

প্ৰতিষ্ঠানটোৱে এই প্ৰদৰ্শনীত ইনোভা হাইক্ৰছ, মিৰাই, হাইক্ৰছ ইলেক্ট্ৰিফাইড ফ্লেক্স ফুৱেল ভেহিকেল, হাইৰাইডাৰ চিএনজি, হাইলাক্স ইমাৰ্জেন্সি ৰেচপন্স ভেহিকেলছ, টিএনজিএ ইঞ্জিন আৰু ই-ড্ৰাইভ ইত্যাদিৰে নিজৰ উৎপাদন ক্ষমতা প্ৰদৰ্শন কৰে।

এই বিষয়ে টয়টা কিৰ্লোস্কাৰ মটৰ এণ্ড লেক্সাছৰ বিক্ৰী-সেৱা-ব্যৱহৃত গাড়ী খণ্ডৰ ডেপুটী মেনেজিং ডাইৰেক্টৰ তাদাছি আছাজুমাই কয় যে, ”ভাৰত মবিলিটী গ্ল’বেল এক্সপ’ ২০২৪ত টয়টা কিৰ্লোস্কাৰ মটৰৰ অংশগ্ৰহণ কেৱল বাহন প্ৰদৰ্শনেই নহয়; ভাৰতৰ বাবে বহনক্ষম আৰু গ্ৰাহককেন্দ্ৰিক ভৱিষ্যতৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ প্ৰমাণ। পেভিলিয়নত আমাৰ বিস্তৃত প্ৰদৰ্শনে গ্ৰাহকসকলৰ সৈতে প্ৰতিধ্বনিত হোৱা পৰিৱেশ-অনুকূল সমাধান প্ৰদান আৰু দীৰ্ঘদিনীয়া সম্পৰ্ক গঢ়ি তোলাৰ বাবে আমাৰ অটল প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *