টিকেএমে ‘উন্নত বহনক্ষম গতিশীলতা’ৰ সৈতে পুনৰ আগবঢ়াইছে ভাৰত মবিলিটি গ্ল’বেল এক্সপ’

ভাৰত মবিলিটি গ্ল’বেল এক্সপ’ ২০২৪ৰ বাবে ভাৰতে প্ৰস্তুতি অব্যাহত ৰখাৰ সময়তে ভাৰতৰ প্ৰথমটো গ্ল’বেল ম’বিলিটি শ্ব’ এক ঐতিহাসিক মুহূৰ্ত হিচাপে চিহ্নিত হৈছে, কিয়নো এই প্ৰদৰ্শনী গতিশীলতাৰ ক্ষেত্ৰত ভাৰতৰ উৎপাদনৰ সামৰ্থ্য প্ৰদৰ্শনৰ বাবে সমগ্ৰ মূল্য শৃংখলা একত্ৰিত হৈছে। এই এক্সপ’ত উন্নত সেউজ বাহন প্ৰযুক্তি, আন্তঃগাঁথনি সমৰ্থন ব্যৱস্থা, নগৰীয়া গতিশীলতা সমাধান আৰু সংযোজিত আৰু স্বতন্ত্ৰ সামৰ্থ্যসমূহ প্ৰদৰ্শন কৰা হয়, যিয়ে স্বয়ংচালিত উৎপাদনৰ কেন্দ্ৰ হিচাপে ভাৰতৰ বৰ্ধিত গুৰুদায়িত্ব আৰু ভাৰত তথা বিশ্বব্যাপী গতিশীলতাৰ ভৱিষ্যৎ সন্দৰ্ভত ভাৰতীয় অটো খণ্ডৰ ইতিবাচক প্ৰভাৱৰ ওপৰত আলোকপাত কৰে।

টয়োটা কিৰ্লোস্কাৰ মটৰে “গ্ৰো ইণ্ডিয়া – গ্ৰো উইথ ইণ্ডিয়া”ৰ ওপৰত গুৰুত্ব আৰোপ কৰি আড়ম্বৰপূৰ্ণ অনুষ্ঠানত নিজৰ উন্নত সেউজ প্ৰযুক্তিৰ সামগ্ৰীসমূহ প্ৰদৰ্শন কৰিব। প্ৰতিষ্ঠানটোৱে বৈদ্যুতিক বেটাৰী, শক্তিশালী হাইব্ৰিড বৈদ্যুতিক বাহন, ফুৱেল-চেল বৈদ্যুতিক বাহন, ইলেক্ট্ৰিফাইড ফ্লেক্সি ফুৱেল বাহন আৰু চিএনজি বাহনসমূহো প্ৰদৰ্শন কৰিব। এই অনুষ্ঠানত সমাজৰ বাবে প্ৰয়োজনীয় আৰু আঞ্চলিক আকাংক্ষা পূৰণ কৰিব পৰা পদক্ষেপৰ বাবে এক জৰুৰীকালীন সঁহাৰি বাহনো আছে।

এই বিষয়ে টয়োটা কিৰ্লোস্কাৰ মটৰৰ কাণ্ট্ৰী হেড আৰু কাৰ্যবাহী উপাধ্যক্ষ বিক্ৰম গুলাটিয়ে কোম্পানীটোৰ অংশগ্ৰহণৰ বিষয়ে উৎসাহ প্ৰকাশ কৰি কয় যে, “আমাৰ এই পেভিলিয়নটো হৈছে দেশৰ বৰ্ধিত আৰু বিকশিত প্ৰয়োজনীয়তা আৰু আকাংক্ষাসমূহ পূৰণ কৰাৰ বাবে কোম্পানীটোৰ নিষ্ঠা আৰু সমৰ্পণৰ এক প্ৰমাণ। যিযে “সকলোৰে বাবে গণ সুখ” আৰু “কাকো এৰি নিদিয়া”ৰ দৰে বিভিন্ন প্ৰয়াসেৰে সমাজৰ উন্নতি আৰু ৰাষ্ট্ৰৰ বিকাশৰ বাবে অৰিহণা যোগায়।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *