মূল্য-সংযোজন বিত্তীয় সমাধানৰ বাবে ইউকো বেংকৰ সৈতে অংশীদাৰিত্ব টিকেএমৰ

ভাৰতৰ আগশাৰীৰ বেংকিং প্লেটফৰ্ম ইউকো বেংকৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰিছে টয়োটা কিৰ্লোস্কাৰ মটৰে (টিকেএম)। ইয়াৰ দ্বাৰা টয়োটাৰ বিশ্ব-শ্ৰেণীৰ সামগ্ৰী আৰু সেৱাসমূহত অধিকসংখ্যক গ্ৰাহকক প্ৰৱেশাধিকাৰ প্ৰদান কৰাৰ পৰিকল্পনা কৰা হৈছে। এই অংশীদাৰীত্বই কেৱল মফচলিয়া বজাৰেই নহয়, সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ গ্ৰাহকসকলক লাভান্বিত কৰিব আৰু দ্বিতীয় আৰু তৃতীয় স্তৰৰ মফচলিয়া বজাৰৰ ওপৰত অধিক গুৰুত্ব দিব।

কুল নিউ গ্লানজা, আৰ্বান ক্ৰুজাৰ আৰু শেহতীয়াকৈ মুকলি হোৱা আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰৰ দৰে নতুন মডেল মুকলিৰ সৈতে এ এণ্ড বি-চেগমেণ্টত প্ৰৱেশ কৰাৰ জৰিয়তে টিকেএমে দ্বিতীয় আৰু তৃতীয় স্তৰৰ মফচলিয়া বজাৰত বিশেষ গুৰুত্ব দি সমগ্ৰ ভাৰতত ইয়াৰ ভেটি সম্প্ৰসাৰিত কৰাৰ ওপৰত নিৰন্তৰ গুৰুত্ব আৰোপ কৰিছে। এই নতুন চুক্তিয়ে দ্বিতীয় আৰু তৃতীয় স্তৰৰ মফচলিয়া বজাৰত অৱস্থিত গ্ৰাহকসকলৰ বাবে মূল্য-সংযোজন প্ৰদান বৃদ্ধি কৰাৰ বাবে টিকেএমৰ প্ৰচেষ্টা শক্তিশালী কৰিব। ইয়াৰ দ্বাৰা ভাৰতত টয়োটা কিৰ্লোস্কাৰ মটৰে বিক্ৰী কৰা বাহনৰ সম্পূৰ্ণ পৰিসৰৰ বাবে গ্ৰাহকৰ সহজ প্ৰৱেশাধিকাৰ নিশ্চিত কৰিব।

এই বুজাবুজি চুক্তি সন্দৰ্ভত ইউকো বেংকৰ বিপণন আৰু সম্পদ ব্যৱস্থাপনা বিভাগৰ জেনেৰেল মেনেজাৰ শ্ৰী সত্য ৰঞ্জন পাণ্ডাই কয়, “এই নতুন অংশীদাৰিত্বৰ জৰিয়তে, আমি আমাৰ ৩,০০০ তকৈও অধিক শাখাৰ বিশাল নেটৱৰ্কৰ জৰিয়তে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্তৰৰ মফচলিয়া চহৰ আৰু টাউনত আমাৰ গ্ৰাহকৰ কাষ চাপিবলৈ সক্ষম হম বুলি আত্মবিশ্বাসী।”

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *