ফৰ্চুনাৰ লিডাৰ এডিচন মুকলি কৰাৰ ঘোষণা টয়োটা কিৰ্লোস্কাৰ মটৰৰ

টয়োটা কিৰ্লোস্কাৰ মটৰে (টিকেএম) ভাৰতৰ বজাৰত ফৰ্চুনাৰৰ লিডাৰ সংস্কৰণ মুকলি কৰিছে। নিজৰ প্ৰসিদ্ধ আৰু জনপ্ৰিয় সুবিধাসমূহক আধাৰ কৰি প্ৰস্তুত কৰা ফৰ্চুনাৰ লিডাৰ এডিচনে বহুতো এড-অন সুবিধাৰ জৰিয়তে স্বকীয় ডিজাইন প্ৰদান কৰি গ্ৰাহকক আকৰ্ষিত কৰিছে। ২০০৯ত মুকলি কৰাৰ পিছত ফৰ্চুনাৰে মিড এছ ইউ ভি ছেগমেণ্টত একেৰাহে শীৰ্ষস্থান দখল কৰি আহিছে, এইপৰ্যন্ত ২,৫১,০০০ৰো অধিক ইউনিট বিক্ৰী কৰিবলৈ সক্ষম হৈছে। টয়োটাই শেহতীয়াকৈ মুকলি কৰিছে নিজৰ মিড এছইউভি ফৰ্চুনাৰৰ বল্ডাৰ আৰু স্প’ৰ্টিয়াৰ সংস্কৰণ ফৰ্চুনাৰ লিডাৰ এডিছন। টয়োটাই মুকলি কৰা সাহসী আৰু স্প’ৰ্টী এছইউভি ফৰ্চুনাৰ লিডাৰ এডিছনৰ লক্ষ্য হৈছে “এভাৰ-বেটাৰ কাৰ” নিৰ্মাণ কৰা।

বাহনখনত ৬-স্পীড অটোমেটিক আৰু ৬-স্পীড মেনুৱেল ট্ৰেন্সমিছনৰ সৈতে ২.৮ এল ডিজেল ইঞ্জিন ছুপাৰ হোৱাইট এণ্ড এ ব্লেক, প্লেটিনাম পাৰ্ল হোৱাইট এণ্ড এ ব্লেক, ছিলভাৰ মেটেলিক আৰু এ ব্লেক, আৰু ক’লা চকাযুক্ত বিকল্প আগবঢ়োৱা হৈছে। অটোমেটিক ট্ৰেন্সমিছনে ৫০০ এন এম টৰ্ক আৰু ২০৪ পি এছৰ সৈতে শক্তিশালী প্ৰদৰ্শনৰ লগতে মেনুৱেল ট্ৰেন্সমিছন ভেৰিয়েণ্টে ৪২০ এন এম টৰ্ক আৰু ২০৪ পি এছ প্ৰদান কৰে। ৪X২ ভেৰিয়েণ্টত আকৰ্ষণীয় ডুৱেল টোন ৰং আৰু ক’লা চকা দিয়া হৈছে। ফৰ্চুনাৰ লিডাৰ এডিছনত উচ্চ মানদণ্ডৰ বৈশিষ্ট্য আৰু এক সুকীয়া মানদণ্ডৰ ‘লীড উইথ পাৱাৰ’ প্ৰদান কৰা হৈছে।

এই বিষয়ে টয়োটা কিৰ্লোস্কাৰ মটৰৰ বিক্ৰী-সেৱা-ব্যৱহৃত গাড়ী ব্যৱসায়ৰ উপাধ্যক্ষ চবাৰি মনোহৰে কয় যে, ”আমি ফৰ্চুনাৰ লিডাৰ এডিচনৰ জৰিয়তে এছইউভি অনুৰাগীসকলক সদায়ে উৎসাহিত কৰিবলৈ প্ৰয়াস কৰিছোঁ, য’ত সাহসী বাহ্যিক ডিজাইন, আকৰ্ষণীয় আৰু আৰামদায়ক আভ্যন্তৰীণ আৰু উন্নত তথা আধুনিক প্ৰযুক্তিৰ সুবিধা প্ৰদান কৰা হৈছে, যাক ‘লীড ইন পাৱাৰ’ বুলি প্ৰয়োগ কৰা হৈছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *