সুগন্ধিৰ স্মৃতি জাগ্ৰত কৰাৰ এক শক্তিশালী ক্ষমতা আছে আৰু বহুতোৰ বাবে এগৰাকী মাতৃৰ সুবাস আটাইতকৈ প্ৰিয়-আৰামদায়ক আৰু চিৰস্থায়ী হৈ থাকে। এই মাতৃ দিৱসত টাইটান ৱৰ্ল্ডে আপোনাক সেই আদৰৰ বন্ধনক সন্মান জনাবলৈ আৰু উদযাপনৰ বাবে আমন্ত্ৰণ জনাইছে, যি উপহাৰ মৰমৰ মাতৃয়ে সদায় মনত ৰাখিব, মমতাময়ী মাতৃৰ প্ৰেমৰ দৰেই কালজয়ী সুগন্ধি বিয়পাই তুলিব। চিন্তাশীলভাৱে প্ৰস্তুত কৰা ইন-ষ্ট’ৰ অভিজ্ঞতাৰ জৰিয়তে সেই চিৰস্থায়ী বন্ধনক উদযাপন কৰক।
১০ আৰু ১১ মে’ত সমগ্ৰ ভাৰতৰ ১৬৩তকৈও অধিক টাইটান ৱৰ্ল্ড ষ্ট’ৰত বেচপ’ক পাৰফিউম মেকিং কাৰ্যসূচীৰ আয়োজন কৰা হৈছে, যিগৰাকী গ্ৰাহকসকলৰ জীৱনৰ আটাইতকৈ আদৰৰ মহিলা –সেইগৰাকী মাতৃৰ সৈতে স্মৰণীয় মুহূৰ্ত সৃষ্টি কৰাত সহায় কৰিবলৈ বিশেষভাৱে সজাই তোলা হৈছে। এই পদক্ষেপে অতিথিসকলক সুগন্ধি মিশ্ৰণৰ কলাত জড়িত হ’বলৈ আমন্ত্ৰণ জনাইছে, যাৰ জৰিয়তে মাতৃসকলে প্ৰয়োজনীয় তেলৰ এক কিউৰেটেড বিকল্প ব্যৱহাৰ কৰি ব্যক্তিগতকৃত ৫০ এমএল পাৰফিউম তৈয়াৰ কৰিব পাৰে।
এই এক্টিভেচন(সক্ৰিয়কৰণ)ৰ বিষয়ে সদৰি কৰি টাইটান কোম্পানী লিমিটেডৰ ঘড়ী আৰু পৰিধানযোগ্য সামগ্ৰী খণ্ডৰ উপাধ্যক্ষ তথা মুখ্য বিক্ৰী আৰু বিপণন বিষয়া ৰাহুল শুক্লাই কয় যে, “এই অনন্য সুগন্ধি নিৰ্মাণৰ অভিজ্ঞতাৰ জৰিয়তে আমি সঁচাকৈয়ে ব্যক্তিগত আৰু হৃদয়স্পৰ্শী কিবা এটা আগবঢ়োৱাৰ প্ৰয়াস ৰাখিছো, যি আমাৰ গ্ৰাহকসকলে কেৱল উপহাৰ প্ৰদানেই নহয়, প্ৰিয় মাতৃৰ সৈতে এক স্থায়ী স্মৃতি সৃষ্টিৰ সুযোগ আগবঢ়াইছোঁ।” গ্ৰাহকে প্ৰিমিয়াম বটলত কাষ্টমাইজ কৰা সুগন্ধি লৈ যাব পাৰিব, যাৰ ফলত মাতৃ দিৱসৰ এক নিখুঁত স্মৃতি হৈ পৰিব। ইন-ষ্ট’ৰ উদযাপনৰ আনন্দ একচেটিয়াভাৱে পেটম ষ্ট’ৰত অনুভৱ কৰক।