ভাৰতৰ প্ৰায় ১১ জন প্ৰাপ্তবয়স্কৰ ভিতৰত এজন লোক ডায়েবেটিছ ৰোগত আক্ৰান্ত আৰু ১০ জনৰ ভিতৰত এজন থাইৰয়ডৰ সমস্যাত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসা বিশেষজ্ঞসকলে স্বাস্থ্যৰ এক উল্লেখযোগ্য উদ্বেগৰ ওপৰত আলোকপাত কৰিছে—টাইপ ২ ডায়েবেটিছ ৰোগীৰ প্ৰতি ৪জন লোকৰ ভিতৰত এজনলৈকে লোক হাইপ’থাইৰয়ডিজম ৰোগতো আক্ৰান্ত, যি প্ৰায়ে ৰোগ নিৰ্ণয় নোহোৱাকৈ থাকে। বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰা থাইৰয়ড গ্ৰন্থিয়ে ইনচুলিনৰ সমান্তৰালভাৱে শক্তি ব্যৱস্থাপনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যেতিয়া থাইৰয়ডৰ কাৰ্যক্ষমতাত ব্যাঘাত জন্মে তেতিয়া ই তেজত শৰ্কৰাৰ নিয়ন্ত্ৰণত ব্যাঘাত জন্মাব পাৰে, যাৰ ফলত হৃদৰোগ, বৃক্কৰ সমস্যা, ডায়েবেটিক ৰেটিন’পেথী আদি জটিল সম্ভাৱনা বৃদ্ধি পায়। এবট ইণ্ডিয়াৰ চিকিৎসা পৰিক্ৰমা মুৰব্বী ডাঃ ৰোহিতা শ্বেট্টীয়ে কয় যে, ”ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলে সাধাৰণতে তেজত শৰ্কৰাৰ মাত্ৰাৰ বিষয়ে সচেতন আৰু উঠা-নমা কেনেকৈ পৰিচালনা কৰিব লাগে জানে। কিন্তু থাইৰয়ডৰ সমস্যাৰ বহু লক্ষণ ফূটি নুঠে, যদিও ইয়াৰ ফলত তেজৰ শৰ্কৰাৰ মাত্ৰাত প্ৰভাৱ পৰিব পাৰে। থাইৰয়ডৰ স্বাস্থ্য আৰু তেজত শৰ্কৰাৰ মাত্ৰা আপুনি ভবাতকৈ অধিক সম্পৰ্কিত। সেইবাবেই নিয়মীয়াকৈ থাইৰয়ড পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ। সঠিক যত্ন ল’লে থাইৰয়ডৰ বিকাৰ বা সমস্যা ফলপ্ৰসূভাৱে পৰিচালনা কৰিব পৰা যায়, যাৰ ফলত মানুহে সুস্থ আৰু সক্ৰিয় জীৱন যাপন কৰিব পাৰে।”
গুৱাহাটীৰ এপ’ল’ হাস্পতালৰ এণ্ডক্ৰাইন’লজিষ্ট ডাঃ নীলাক্ষী ডেকাই এই বিষয়ে কয় যে, ”থাইৰয়ডৰ অৱস্থাক প্ৰায়ে অৱহেলিত কৰা হয়, জনসংখ্যাৰ এক বৃহৎ শতাংশই ধৰা নপৰা সমস্যাৰ সৈতে যুঁজি থাকে আৰু ফলস্বৰূপে প্ৰয়োজনীয় যত্ন লোৱা নহয়। ডায়েবেটিছ ৰোগত আক্ৰান্ত বহু লোকৰ থাইৰয়ডৰ সমস্যাৰ লক্ষণীয় লক্ষণ নেদেখাকৈ থাকিব পাৰে, যিবোৰ ক্লান্তি, স্মৃতিশক্তি হ্ৰাস, টোপনিৰ সমস্যা আৰু অত্যধিক ওজন বৃদ্ধিৰ পৰা আৰম্ভ কৰি কৌষ্ঠকাঠিন্য, ছাল শুকান হোৱা, চৰ্দি, পেশীৰ বিষ আৰু চকুৰ পতা ফুলি উঠা আদি সমস্যাও হ’ব পাৰে। আণ্ডাৰএক্টিভ থাইৰয়ডৰ ফলত শক্তিৰ মাত্ৰা, ওজন, মেজাজ আৰু হৃদস্পন্দনৰ উঠা-নমাও হ’ব পাৰে, কিয়নো এই কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰাত আৰু শৰীৰৰ সুস্থ বিকাশত সহায়ক হোৱাত গ্ৰন্থিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই কাৰণেই বিশেষকৈ টাইপ ২ ডায়েবেটিছ ৰোগীৰ বাবে থাইৰয়ডৰ কাৰ্যক্ষমতাৰ নিয়মীয়া পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ।”
ডায়েবেটিছ ব্যৱস্থাপনাৰ সজাগতা ক্ৰমাগতভাৱে বৃদ্ধি পোৱা গুৱাহাটীত স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলে ক্ৰমান্বয়ে ডায়েবেটিছ ৰোগীৰ বাবে থাইৰয়ড স্ক্ৰীনিং কৰাৰ পৰামৰ্শ আগবঢ়াইছে। বজাৰৰ শেহতীয়া প্ৰৱণতাই দুয়োটা অৱস্থাক সম্বোধন কৰা নিদানমূলক সেৱা আৰু ঔষধৰ চাহিদা বৃদ্ধি প্ৰদৰ্শন কৰিছে, যিয়ে গুৱাহাটীৰ দৰে নগৰীয়া অঞ্চলত জনস্বাস্থ্যৰ প্ৰতি বৰ্ধিত উদ্বেগ প্ৰতিফলিত কৰিছে। দুয়োটা অৱস্থাৰ ব্যৱস্থাপনাৰ বাবে সুস্থ আৰু সক্ৰিয় জীৱন বজাই ৰাখিবলৈ জীৱনশৈলীৰ পৰিৱৰ্তন, নিয়মীয়া মনিটৰিং আৰু চিকিৎসা নিৰীক্ষণৰ প্ৰয়োজন।