পৱিত্ৰ অক্ষয় তৃতীয়াৰ শুভ ক্ষণ চমু চাপি অহাৰ লগে লগে তানিষ্কৰ এক্সক্লুছিভ বিবাহৰ উপ-ব্ৰেণ্ড ৰিৱাহে উৎকৃষ্ট কইনাৰ গহনা সংগ্ৰহৰ বিশাল সম্ভাৰৰে বিশেষ অফাৰ আগবঢ়াই আগন্তুক গ্ৰীষ্মকালীন ভাৰতীয় বিবাহৰ মাধুৰ্যতা উদযাপন কৰিবলৈ সাজু হৈছে। ভাৰতৰ বিভিন্ন বিবাহ পৰম্পৰাৰ সৈতে গভীৰ উপলব্ধিৰে তানিষ্কৰ ৰিৱাহে বিভিন্ন সম্প্ৰদায়ৰ কইনাসকলৰ বাবে প্ৰস্তুত কৰা এক বিস্তৃত পৰিসৰৰ গহনা আগবঢ়ায়, যি বিবাহৰ প্ৰতিটো অনুষ্ঠান- হালধি আৰু মেহেন্দি অনুষ্ঠানৰ পৰা সংগীত আৰু প্ৰধান বিবাহৰ দিনলৈকে নিৰ্বিঘ্নে উপযুক্ত আৰু খাপ খাই পৰাটো নিশ্চিত কৰে।
গহনাৰ প্ৰতিটো টুকুৰাই কেৱল এই প্ৰিয় পৰম্পৰাবোৰক সন্মান জনোৱাৰ বাবেই নহয় লগতে কইনাগৰাকীৰ স্বকীয়তা আৰু সুন্দৰতা প্ৰতিফলিত কৰাৰ বাবেও প্ৰস্তুত কৰা হৈছে। গহনাৰ এই বিশেষ সংকলনসমূহত স্থানীয় পৰম্পৰা আৰু পছন্দক সন্মান জনোৱা হৈছে, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ অলংকৃত নাথ আৰু মহাৰাষ্ট্ৰৰ থুছি নেকেলেচ আৰু টোডে বেংগলছৰ মিশ্ৰণ প্ৰদান কৰা হৈছে।
তানিস্কৰ মুখ্য বিপণন বিষয়া পেলকি শ্বেৰিঙে এই বিষয়ে সদৰি কৰি কয় যে, “আমি গ্ৰীষ্মকালীন বিবাহৰ ছিজনত ভৰি দিয়াৰ লগে লগে ৰিৱাহ বাই তানিষ্কে ঐতিহ্যৰ সৈতে আধুনিকতাৰ মিশ্ৰণ ঘটোৱা কইনা গহনাৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰি আহিছে।” উৎসৱমুখৰ বজাৰ অভিজ্ঞতাক অনন্য মাত্ৰা প্ৰদান কৰিবলৈ তানিষ্কে সোণৰ গহনা আৰু হীৰাৰ গহনা মূল্যৰ মাচুলত ২০% পৰ্যন্ত ৰেহাইৰে এক শক্তিশালী মূল্যৰ অফাৰ আগবঢ়াইছে, লগতে সোণ ক্ৰয়ত প্ৰতি গ্ৰামত ১০১ টকা ৰেহাই প্ৰদান কৰিছে। তানিস্কে কইনা আৰু নববিবাহিতাৰ পৰিয়ালক ৰিৱাহৰ অতুলনীয় কাৰুকাৰ্য অন্বেষণ কৰিবলৈ সকলোকে আমন্ত্ৰণ জনাইছে।