কন্ঠ শিল্পী ৰমেন দাসৰ শিশুগীত পৰিবেশন কৰিব ৫৫০ খন স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে

100

সুৰকাৰ, গীতিকাৰ, প্ৰয়োজক তথা দক্ষ কন্ঠ শিল্পী ৰমেন দাসৰ ‘ককা দেউতা তুমি মোক আজি শিকোৱা…….’ শীৰ্ষক চেমনীয়া গীতটো অসম শিশু শিক্ষা সমিতি, গুৱাহাটীৰ অধীনত থকা ৫৫০ খনৰো অধিক স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে পৰিবেশনৰ বাবে সাজু হৈছে । উল্লেখযোগ্য যে শিল্পী ৰমেন দাসে ইতিমধ্যে বহু চেমনীয়া গীত নিজে সুৰ, কথা আৰু পৰিচালনা কৰি ৰাজ্যৰ শিশু সকললৈ উপহাৰ দি সুনাম বুটলিবলৈ সক্ষম হৈছে ।

‘সুৰধ্বনি’ৰ বেনাৰত শিশু গীতৰ বাবে কামত ব্যস্ত হৈ আছে তেঁও। শিশুৰ বাবে, শিশু সকলৰ উপযোগী হোৱাকৈ এটা ভাল বাৰ্তা দিব পৰাকৈ অহৰহ ব্যস্ত থাকি শিশু গীত ৰাইজৰ মাজত উলিয়াই দিছে । ইয়াৰ দ্বাৰা অকল চহৰ বৰপেটাতেই নহয় ৰাজ্যৰ শিশু সংগীত ক্ষেত্ৰ খনত যথেষ্ট সুনামৰ অধিকাৰী হৈছে ।

লক্ষনীয় বিষয়টো হৈছে ৰমেন দাসে বনোৱা শতাধিক শিশু গীতৰ মাজৰ পৰা অসম শিশু শিক্ষা সমিতি, গুৱাহাটীয়ে ‘ককা দেউতা তুমি মোক আজি শিকোৱা…..’ শীৰ্ষক গীতটি নিৰ্বাচন কৰি শণিবাৰ দিনটোত উদযাপিত হ’ব লগীয়া “ককা আইতা দিৱস”উপলক্ষে অসমৰ ৫৫০ খনৰো অধিক স্কুলৰ ছাত্ৰ ছাত্ৰী সকলে পৰিবেশন কৰিব ।