পৰ্বতঝোৰাৰ ৰূপসী সংৰক্ষিত বনাঞ্চলত অবাধে চলিছে বন ধ্বংসযজ্ঞ

পৰ্বতঝোৰাৰ ৰূপসী সংৰক্ষিত বনাঞ্চলত অবাধে চলিছে বন ধ্বংসযজ্ঞ ।বনাঞ্চলৰ মূল্যবান গছ সমূহ কাটি তহলিং কৰাৰ পাছতো নিৰূপ ভূমিকাত পৰ্বতঝোৰা বন বিভাগ।প্ৰকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ পৰ্বতঝোৰাত এনেকৈ বন ধ্বংসযজ্ঞ চলি থাকিলে এদিন বনাঞ্চল মৰুভূমিত পৰিণত হোৱা প্ৰায় নিশ্চিত বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজে।
পৰ্বতঝোৰাৰ ৰূপসী-বাসবাৰী সংযোগী পথৰ কাষতে সংৰক্ষিত বনাঞ্চলৰ মূল্যবান শাল গছ সমূহ বন্যদস্যুৱে এফালৰ পৰা অবাধে কাটি তহলিং কৰাৰ পিছতো ৰূপসী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বন কৰ্মীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰা ঘটনাই প্ৰকৃতি প্ৰেমী সচেতন লোকসকলক হতভম্ব কৰি তুলিছে।বনাঞ্চল ৰক্ষাৰ ক্ষেত্ৰত BTCৰ বন বিভাগৰ নৱ নিযুক্ত কার্যবাহী সদস্য পানীৰাম ব্ৰহ্মই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *