বৰপেটাত পানীৰ তলত খেলপথাৰ

71

নেৰানেপেৰা বৰষুণৰ ফলত বৰপেটা চহৰৰ খেলপথাৰ জলমগ্ন হৈ পৰিছে। বৰপেটাৰ সকলো ক্ৰীড়াৰ একমাত্ৰ খেলপথাৰ ‘বৰপেটা জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰ’ আৰু ইয়াৰ সংলগ্ন বিদ্যাপীঠ খেলপথাৰ এতিয়া পানীৰ তলত ।
ক্ৰিকেট,ভলীবল, কাৰাটে আদি বিভিন্ন খেল,অনুশীলনীৰ উপৰিও শাৰিৰীক চৰ্চা নিয়মীয়াকৈ চলি থকা খেলপথাৰখন পানী শুকাই উপযোগী হোৱাকৈ আৰু হয়তো এমাহলৈ স্থবিৰ হৈ থাকিব লাগিব বুলি ধাৰণা কৰা হৈছে ।

পূৰ্ণাংগ ষ্টেডিয়াম, ইনডৰ ষ্টেডিয়াম নাইবা এথলেটিক্স ক্ৰীড়া আদিৰ আন্তঃগাথঁনি শূণ্য বৰপেটাৰ এইখন খেলপথাৰ পানীত নিমজ্জিত থকা মানেই ক্ৰীড়াৰ ক্ষেত্ৰত বিস্তৰ ক্ষতি হোৱা বুলি ক্ৰীড়াপ্ৰেমীৰ মাজত চৰ্চিত হৈছে।