কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত বৃহৎ দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে আসাম পাব্লিক ৱর্কছে। আজি এই দুৰ্নীতিৰ তদন্ত কৰাৰ আহ্বানৰে ৰাজ্যপালক এখন শপতনামা দাখিল কৰিছে। আসাম পাব্লিক ৱর্কছৰ সভাপতি অভিজিৎ শর্মা আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে অভিযোগ কৰিছে যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত নিযুক্তিৰ নামত বৃহৎ অনিয়ম চলি আছে।
বিশ্ববিদ্যালয়খনৰ শৈক্ষিক আৰু অনা-শৈক্ষিক কর্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত চূড়ান্ত অনিয়ম আৰু স্বজন-তোষণ চলি আছে। যোগ্যতা নোহোৱাকৈ উপাচার্য ৰাজেন্দ্ৰ প্রসাদ দাসে নিজৰ জীয়েকক আৰু আন শিক্ষক নিযুক্তিৰ দিয়াৰ তথ্য আমাৰ হাতত আছে। খেয়াল খুচিমতে নিযুক্তি দিয়াৰ কথা ইতিমধ্যে তদন্তত ধৰা পৰিছে যদিও আজিলৈকে একো শাস্তিমূলক ব্যৱস্থা হোৱা নাই। ২০২০ চনৰ পৰা যোৱা ৫ বছৰত বিশ্ববিদ্যালয়খনে গুৱাহাটী উচ্চ-ন্যায়ালয়ত ১২ টা আৰু উচ্চতম ন্যায়ালয়ত ১টা গোচৰৰ সন্মুখীন হৈছে।
এই আটাইকেইটা গোচৰতে ন্যায়ালয়ে বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে ৰায়দান কৰিছে। ইয়াৰে সৰহ সংখ্যক গোচৰ মুঠ ৮টা বহিৰাগত উপাচাৰ্য ৰাজেন্দ্র প্রসাদ দাসৰ দিনত হৈছে। মূলতঃ প্রশাসনিক ভুল সিদ্ধান্ত, অসমীয়াৰ বিৰুদ্ধে আক্রোশমূলক সিদ্ধান্ত আৰু দুর্নীতি পৰায়ণ বিষয়াক ৰক্ষণাবেক্ষণ দিয়াৰ বাবেই এই গোচৰসমূহ। এই গোচৰবোৰৰ পৰা ৰাজেন্দ্ৰ প্ৰসাদ দাসৰ প্রশাসনিক অযোগ্যতা প্রমাণ হয়। বহিৰাগত উপাচাৰ্যৰ দপ-দপনিৰ বাবে ৰাজ্যৰ শিক্ষাৰ্থীৰ পৰা সংগ্ৰহ কৰা ধন গোচৰৰ নামত পানীত পেলোৱাৰ বাবে বিশ্ববিদ্যালয়খনৰ উপাচার্য ৰাজেন্দ্ৰ প্ৰসাদ দাস বিৰুদ্ধে তদন্তৰ দাবী কৰে।
