মিডিকেল প্ৰৱেশ পৰীক্ষা নীটক লৈ তীব্ৰ বিতৰ্কৰ মাজতে শিক্ষা মন্ত্ৰালয়ে বুধবাৰে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এনটিএ)ৰ দ্বাৰা পৰিচালিত ইউজিচি-নেট পৰীক্ষা বাতিল কৰাৰ নিৰ্দেশ জাৰি কৰে আৰু বিষয়টো পুংখানুপুংখ তদন্তৰ বাবে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ক হস্তান্তৰ কৰে। মন্ত্ৰালয়ে পাটনাত ৰাষ্ট্ৰীয় যোগ্যতা-প্ৰৱেশ পৰীক্ষা (নীট)-স্নাতক ২০২৪ অনুষ্ঠিত কৰাত অনিয়মৰ অভিযোগ সন্দৰ্ভত বিহাৰ আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ গোটৰ পৰা প্ৰতিবেদন বিচাৰিছে আৰু কয় যে প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পদক্ষেপ লোৱা হ’ব। শিক্ষা মন্ত্ৰালয়ে কয় যে গৃহ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ (আই৪চি) ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ ভাবুকি বিশ্লেষণ গোটৰ পৰা পৰীক্ষা সন্দৰ্ভত ইউজিচিয়ে কিছুমান তথ্য লাভ কৰিছিল। এই প্ৰতিবেদনবোৰে প্ৰাথমিক ভাৱে ইংগিত দিয়ে যে উক্ত পৰীক্ষাৰ পৱিত্ৰতাৰ সৈতে আপোচ কৰা হৈছিল। পৰীক্ষা প্ৰক্ৰিয়াত সৰ্বোচ্চ স্তৰৰ স্বচ্ছতা আৰু সততা নিশ্চিত কৰাৰ বাবে, ইউজিচি-নেট জুন ২০২৪ পৰীক্ষা বাতিল কৰা সিদ্ধান্ত লোৱা হৈছে। লগতে কয় যে নতুনৰূপত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব, যাৰ বাবে তাৰিখ ঘোষণা কৰা হ’ব। লগতে, গোচৰটো সম্পূৰ্ণ তদন্তৰ বাবে চিবিআইক হস্তান্তৰ কৰা হৈছে।