শ্বপচি মেলাত দেখা গৈছে গ্ৰাহকৰ বৰ্ধিত অংশগ্ৰহণ

ভাৰতৰ দ্ৰুতগতিত বিকশিত হাইপাৰ-ভেল্যু ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টৰ শ্বপচিয়ে সফলতাৰে সমাপ্ত কৰিছে চুপাৰ শ্বপচি মেলা, য’ত অভিলেখসংখ্যক ৪১% গ্ৰাহকৰ বৃদ্ধি প্ৰত্যক্ষ কৰিছে। জানুৱাৰী মাহত অনুষ্ঠিত হোৱা এই ইভেণ্টত  টায়াৰ ২ আৰু অন্যান্য চহৰসমূহৰ  গ্ৰাহকসকলৰ অংশগ্ৰহণ সৰ্বাধিক আছিল। এই শ্বপচি মেলাত সমগ্ৰ দেশৰ স্থানীয় বিক্ৰেতাই লাখ লাখ গ্ৰাহকক সেৱা আগবঢ়োৱাৰ বাবে সহযোগিতা কৰিছিল। এই অনুষ্ঠানে লাখ লাখ আঞ্চলিক বিক্ৰেতাৰ বাবে অৰ্থনৈতিক বিকাশ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

সৰ্বাধিক চাহিদাত অৰিহণা যোগাইছিল টায়াৰ ২+ চহৰবোৰে, ইয়াৰ ভিতৰত কটক, গুৱাহাটী, গোৰখপুৰ, মেদিনীপুৰ আৰু মুজাফ্ফৰপুৰৰ দৰে চহৰসমূহ অন্যতম। শ্বপচি মেলাত প্লেটফৰ্মত ৯/- টকাৰ পৰাই আৰম্ভ হৈছিল সামগ্ৰী, এই মেলাত সৰ্বাধিক সঁহাৰি লাভ কৰিছিল শাৰী, পুৰুষৰ টি-চাৰ্ট আৰু স্পৰ্টছ জোতাৰ দৰে সামগ্ৰীয়ে। এই অনুষ্ঠানত ভাৰতৰ বিভিন্ন প্ৰান্তৰ বাবে শস্য চপোৱা উৎসৱ(হাৰ্ভেছ ফেষ্টিভেল)ৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা এটা কিউৰেটেড ষ্ট’ৰ আছিল, ইয়াত আছিল পুৰুষ-মহিলাৰ বাবে পৰম্পৰাগত ফেশ্বনৰ পৰা আৰম্ভ কৰি গৃহসজ্জা আৰু পূজাৰ বিবিধ সামগ্ৰী।

এই বিষয়ে ফ্লিপকাৰ্টৰ শ্বপচিৰ মুৰব্বী কপিল থিৰানীয়ে কয় যে, এই মেলাত বিশেষভাৱে টায়াৰ ২+ চহৰসমূহত চাহিদা লক্ষণীয়ভাৱে বৃদ্ধিয়ে গ্ৰাহকৰ বৈচিত্ৰ্যপূৰ্ণ পছন্দ পূৰণ আৰু স্থানীয় বিক্ৰেতাসকলক শক্তিশালী কৰাৰ বাবে শ্বপচিৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *