ডাঃ এল চি দত্ত অৰেচনত ডাঃ আহমেদৰ উৎকৰ্ষতাৰ জিলিঙনি

চকুৰ যত্নৰ ক্ষেত্ৰত নিজৰ শ্ৰেষ্ঠ আৰু উত্কৃষ্ঠ সেৱাৰ বাবে জনাজাত গুৱাহাটীৰ প্ৰসিদ্ধ চিকিৎসালয় ৰেটিনা চেণ্টাৰে প্ৰতিষ্ঠাপক ড. এছ.ইউ. আহমেদৰ অসামান্য অৱদানৰ কথা সগৌৰৱে প্ৰকাশ কৰিছে। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ড০ এল চি দত্ত অৰেচনৰ জৰিয়তে ভাইট্ৰিঅ’ৰেটিনেল অস্ত্ৰোপচাৰ কৰি চমৎকাৰ অৱদান যোগোৱা বাবে আজি সকলোতে আলোচিত হৈছে। এই স্বীকৃতি চকুবিজ্ঞানলৈ বা চকুৰ চিকিত্সালৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি, যিয়ে অঞ্চলটোলৈ ভাইট্ৰিঅ’ৰেটিনেল অস্ত্ৰোপচাৰৰ কৌশল বৃদ্ধিত অৰিহণা আৰু যুগান্তকাৰী পৰিৱেশৰ সূচনা কৰিছে।
প্ৰখ্যাত চকুৰোগ বিশেষজ্ঞ ডাঃ এল চি দত্তই অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত উন্নত চকুৰ যতন আৰু চিকিত্সাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে, ডাঃ আহমেদৰ দৰে চকু বিশেষজ্ঞৰ দক্ষতা, দায়বদ্ধতা আৰু উদ্ভাৱনী পদ্ধতিৰ বাবে আজি বহু ৰোগীয়ে আৰোগ্য লাভ কৰিছে। দেৰগাঁৱত ১৯২৪ চনত জন্মগ্ৰহণ কৰা ডাঃ এল চি দত্ত হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী বিশিষ্ট চকুৰোগ বিশেষজ্ঞ।
১৯৭৫ত জন্মলগ্নৰে পৰা ৰূপায়িত এই পৰম্পৰা বা সেৱাৰ উদ্দেশ্য হৈছে অসমত চকুৰ শিক্ষা আৰু গৱেষণাৰ প্ৰচাৰ কৰা আৰু ইয়াৰ বাবে ট্ৰাষ্টে বাৰ্ষিক সন্মিলন(এনুৱেল কনফাৰেন্স)ৰ বাবে অতিথি বক্তা বা বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনায়। এই অনুষ্ঠানত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত চকুৰ যতন আৰু সেৱা উন্নত কৰাৰ ক্ষেত্ৰত ডাঃ আহমেদৰ নিষ্ঠা আৰু উৎকৃষ্টতাৰ সকলোৱে শলাগ লয়।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *