ধৰ্মৰ মূল লক্ষ্য মানৱৰ কল্যাণ সাধন কৰা : দীপক শৰ্মা

58

বেলোৰগুৰি ৰাইজ গয়ৰহৰ শ্ৰীশ্ৰী ফলহাৰিণী কালিকা পূজা আৰু শ্ৰীশ্ৰী মহাবিষ্ণু পূজাৰ মহাৰজত জয়ন্তী উখল-মাখল পৰিৱেশৰ মাজত অনুষ্ঠিত হৈছে । কালি পুৱা ৫ বজাত ঊষা কীৰ্তন লগতে ভাগৱত স্থাপনৰ অন্তত ৮ বজাত মহাৰজত জয়ন্তীৰ মুখ্য দ্বাৰ মুকলি কৰে গুৱাহাটী বিমানকোঠ মণ্ডল বিজেপিৰ সভাপতি পদ্মেশ্বৰ মজুমদাৰে ।

৮-৩০ বজাত ক্ৰমে বিষ্ণুধ্বজা আৰু কালিধ্বজা উত্তোলন কৰে গুৱাহাটী এয়াৰপোৰ্টৰ চি এ অ’ উৎপল বাদল বৰুৱা আৰু জ্যোতিষ আচাৰ্যী প্ৰবীণ নাথে । ৯বজাত শ্ৰদ্ধাঞ্জলি স্থানত বন্তি প্ৰজ্বলন কৰে বেলোৰগুৰি ৰাইজ গয়ৰহৰ সভাপতি বীৰেণ নাথে, পুষ্পাঞ্জলি অৰ্পণ কৰিব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন নাথে ।

১০ বজাত বৰ্ণিল ধৰ্মীয় শোভাযাত্ৰা মুকলি কৰে উদযাপন সমিতিৰ সভাপতি যতীন নাথে । দিনৰ এক বজাত বিনয় কুমাৰ নাথ, মৃদুল নাথ সম্পাদিত স্মৃতিগ্ৰন্থ উন্মোচন কৰি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা সাংবাদিক, কবি দীপক শৰ্মাই কয়- “ধৰ্মৰ মূল লক্ষ্য মানৱৰ কল্যাণ সাধন কৰা । মানৱক শুদ্ধ পথৰ সন্ধান দিয়া । সৃষ্টিকৰ্তা ব্ৰহ্মা হ’ল ৰজোগুণী আৰু পালনকৰ্তা বিষ্ণু হ’ল সত্বগুণী ।

প্ৰকৃতি দেৱীকেই কোৱা হয় আদ্যশক্তি, মহামায়া জগতজগনী, দেৱী ভগৱতী । ধৰ্ম, অৰ্থ, কাম, মোক্ষ এই চাবি পুৰুষাৰ্থৰ ধৰ্মক প্ৰধান বুলি বিবেচনা কৰা ভাৰতীয় সভ্যতাই সনাতনি হিন্দু ধৰ্মৰ মাজেৰে বিভিন্ন দেৱী- দেৱতাক যুগ-যুগ ধৰি আৰধনা কৰি আহিছে ।” ইয়াৰ পিছতে ভাগৱত পাঠ আৰু বিশ্লেষণ অনুষ্ঠানত অংশ লয় শৰৎ ঠাকুৰীয়া, মহেশ মহন্ত, গৌৰী নাথ আৰু প্ৰদিনী বৰুৱাই ।

সন্ধিয়া ৬-৩০ বজাত মহাৰজত জয়ন্তীৰ ১২৬ গছি বন্তি প্ৰজ্বলন কৰে ভিন-ভিন প্ৰান্তৰ ১২৬ জন অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী, আৰক্ষী বিষয়া, অধিবক্তা, গাঁওপ্ৰধান, সত্ৰাধিকাৰ, চিকিৎসক, সাংবাদিক আদিয়ে । ৭বজাত ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ মুকলি কৰে প্ৰফুল্লা নাথে । ইয়াৰ পিছতে নলবাৰীৰ বৈজয়ন্তী তালুকদাৰৰ দলৰ নাগাৰা নামৰ লগতে সত্ৰীয়া নৃত্য আদি প্ৰদৰ্শন কৰা হয় ।

১২৫ বছৰে অনুষ্ঠিত কৰি অহা শ্ৰীশ্ৰী ফলহাৰিণী কালিকা পূজা আৰু শ্ৰীশ্ৰী মহাবিষ্ণু পূজাৰ মহাৰজত জয়ন্তী উপলক্ষে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে হিয়া উজাৰি পূজা উদযাপনৰ পোষকতা কৰিছে । এই উৎসৱ ৬ জুনত সামৰণী পৰিব ।