কংগ্ৰেছে বৃহস্পতিবাৰে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ ১০ বছৰৰ “বিফলতা” জনসাধাৰণৰ সন্মুখত আলোকপাত কৰিবলৈ এখন “ব্লেক পেপাৰ” মুকলি কৰে। দলটোৱে এই ‘ব্লেক পেপাৰ’ত মুদ্ৰাস্ফীতি, নিবনুৱা, কৃষকসকলৰ দুৰ্দশা, মহিলাৰ অৱস্থা আৰু আন বহুতো বিষয়ত চৰকাৰ বিফল হোৱাৰ অভিযোগ উত্থাপন কৰিছে।
তেওঁলোকে ইয়াক ‘১০ বছৰ, অন্যায়ৰ সময়’ নাম দিছে। দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ‘ ব্লেক পেপাৰ’ মুকলি কৰি কয় যে দেশক মুক্ত কৰা কংগ্ৰেছে ২০২৪ চনত দেশক বিজেপিৰ ‘অন্যায়ৰ অন্ধকাৰ’ৰ পৰা উলিয়াই আনিব।
কংগ্ৰেছে এনে এক সময়ত ‘ ব্লেক পেপাৰ’ মুকলি কৰে যেতিয়া চৰকাৰে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স (ইউপিএ)ৰ ১০ বছৰীয়া কাৰ্যকালত এখন ‘শ্বেতপত্ৰ’ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। খাৰ্গে চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীৰ বিফলতা লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰি কয় যে এনে পৰিস্থিতিত এই চৰকাৰৰ বিৰুদ্ধে “ব্লেক পেপাৰ” অনাৰ সিদ্ধান্ত লোৱা হৈছে।