চিয়েট ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগৰ চিজন ৱানত পুনেত ৰেচৰ স্থান হিচাপে শ্ৰী শিৱ ছত্ৰপতি স্পৰ্টছ কমপ্লেক্সৰ নাম ঘোষণা

79

চিয়েট ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগে (আইএছআৰএল) উদ্বোধনী বৰ্ষ অৰ্থাৎ চিজন ৱানত ৰেচৰ স্থান হিচাপে পুনেৰ ঐতিহ্যমণ্ডিত শ্ৰী শিৱ ছত্ৰপতি স্পৰ্টছ কমপ্লেক্স, মহালুং বালেৱাড়ীৰ নাম নিৰ্বাচিত কৰি আনন্দিত হৈছে। বিভিন্ন ইতিহাস সৃষ্টিকাৰী আৰু অনন্য ক্ৰীড়া প্ৰতিযোগিতা আয়োজনৰ লিগেচীৰে ভৰপুৰ এই ষ্টেডিয়ামখনত ২০২৪ চনৰ ২৮ জানুৱাৰীত চুপাৰক্ৰছ ৰেছিঙৰ স্পন্দনশালী ক্ৰীড়া প্ৰতিভাৰ চমক দেখা যাব।

১৯৯৪ চনত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে স্থাপিত হোৱা শ্ৰী শিৱ ছত্ৰপতি স্পৰ্টছ কমপ্লেক্সত ২০০৮ চনৰ কমনৱেলথ য়ুথ গেমছকে ধৰি বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়ানুষ্ঠান-প্ৰতিযোগিতা সফলভাৱে আয়োজনৰ এক দীঘলীয়া ইতিহাস আছে, যিয়ে ক্ৰীড়া উৎকৰ্ষতাৰ প্ৰতি চহৰখনৰ দায়বদ্ধতা বা সমৰ্পণ প্ৰদৰ্শন কৰিছে। বিগত বছৰবোৰত এই কমপ্লেক্সতে টেবুল টেনিছ চেম্পিয়নশ্বিপৰ পৰা আৰম্ভ কৰি মহিলাৰ এফআইবিএ এছিয়া অনূৰ্ধ্ব-১৬ চেম্পিয়নশ্বিপলৈকে বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছিল, যিয়ে ক্ৰীড়াক্ষেত্ৰৰ বহুমুখী প্ৰতিভা আৰু বিবিধ ক্ৰীড়াৰ প্ৰচাৰ-প্ৰসাৰৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰিছে।

২০০৮ চনৰ কমনৱেলথ গেমছ আয়োজনৰ সমৃদ্ধ ইতিহাস আৰু গৌৰৱৰ বাবে শ্ৰী শিৱ ছাত্ৰপতি স্পৰ্টছ কমপ্লেক্সে পুনেক এই ৰেচৰ বাবে নিৰ্বাচিত কৰা হৈছে। চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ সহ-প্ৰতিষ্ঠাপক তথা সঞ্চালক ঈশান লোখাণ্ডে এই ক্ৰীড়াক্ষেত্ৰ বাচনি কৰাক লৈ নিজৰ উৎসাহ ব্যক্ত কৰি কয় যে, “আমি শ্ৰী শিৱ ছাত্ৰপতি স্পৰ্টছ কমপ্লেক্সত ছুপাৰক্ৰছৰ ইতিহাসত অবিস্মৰণীয় মুহূৰ্ত সৃষ্টি কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ।”