দৌলাশালৰ ৩০০ বছৰীয়া কালী পূজাত পাঁচ সহস্ৰাধিক ভক্তই গ্ৰহণ কৰিলে সিদ্ধ প্ৰসাদ

ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মা কালী পূজা মহোৎসৱ কালিৰে পৰা আৰম্ভ হয়। পূজা মহোৎসৱৰ আজি দ্বিতীয় দিনা হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়৷ পাঁচ সহস্ৰাধিক ভক্তই গ্ৰহণ কৰে সিদ্ধ প্ৰসাদ। তিনিদিনীয়াকৈ ধৰ্মীয় পৰম্পৰাগত ৰীতি-নীতি আৰু আধ্যাত্মিক কাৰ্যসূচীৰে অনুষ্ঠিত পূজা মহোৎসৱৰ কালি সন্ধিয়া বেদীত প্ৰতিমা স্থাপন, আৰতি প্ৰদান আৰু হোম-যজ্ঞ পৰ্ব অনুষ্ঠিত হয়। নিশা ১১ বজাত ৰাজহুৱা বলিপ্ৰদানৰ পিছতে লোকশিল্পী মদন ৰাজবংশীৰ ওজাপালি পৰিৱেশন কৰা হয় বুলি জানিবলৈ দিয়ে দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি গুৰুচৰণ পাঠকে৷

নিশা অগণন ভক্তৰ সমাবেশ ঘটে। উল্লেখ্য যে তিনি শতিকা পুৰণি ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মা-কালী পূজা মহোৎসৱ বিগত বছৰবোৰৰ দৰে এইবেলিও দৌলাশাল উন্নতি সাধিনী সভাৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাবেশত জাকজমকতাৰে  পালন কৰে। আজি পুৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অসংখ্য ভক্তৰ সমাবেশত পূজা-অৰ্চনা হোৱাৰ পিছতে ৰাজহুৱা বলিদান পৰ্ব আৰম্ভ হ’য়। আন আন বছৰৰ দৰে আজিও বিভিন্ন ঠাইৰ হাজাৰ হাজাৰ ভক্তই ধূপ-ধূনা নৈব্যদৰে মা কালীক পূজা অৰ্চনা কৰাৰ উপৰি আন একাংশ ভক্তই দেৱীলৈ হাঁহ, পাৰ, ছাগলী , কোমোৰা আদি উচৰ্গা কৰি মনোবাঞ্চা পূৰণৰ অৰ্থে সেৱা জনায়।

পূজাৰ অন্তত পাঁচ সহস্ৰাধিক লোকে সিদ্ধ প্ৰসাদ গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে দৌলাশাল উন্নতি সাধিনী সভাৰ ভাৰপ্ৰাপ্ত সম্পাদক ফনেন্দ্ৰ নাথে৷ নিশা দৌলাশাল ভাস্কৰ সামূহিক কেন্দ্ৰৰ শিল্পীবৃন্দৰ দ্বাৰা  ৰাধেশ্যাম কলিতাৰ নিসংগ নায়ক নাটক মঞ্চস্থ কৰা হয়। উল্লেখ্য যে প্ৰতিবছৰে আহাৰ অথবা শাওণ মাহৰ কোনো এটি অমাৱস্যা তিথিত দৌলাশাল উন্নতি সাধিনী সভাই তিনিদিনীয়াকৈ পালন কৰি আহিছে এই কালীপূজা মহোৎসৱ।


By Tanupriya

Leave a Reply

Your email address will not be published. Required fields are marked *