টেটলি গ্ৰীন টিৰ নতুন কেম্পেইন “আই এম মৰ দেন মাই নিকনেম”

ভাৰতৰ আগশাৰীৰ গ্ৰীন চাহৰ ব্ৰেণ্ড টেটলী গ্ৰীন টিয়ে সফল #এভ্ৰীবডীকেন অভিযানৰ চিকুৱেল মুকলি কৰিছে, যিয়ে মানুহক নিজৰ শৰীৰৰ গঠন বা আকৰৰ ওপৰত ভিত্তি কৰি কেৱল নিকনেমতে সীমাবদ্ধ নহ’বলৈ আহ্বান জনাইছে। “আই এম মৰ দেন মাই নিকনেম” নামৰ এই প্ৰচাৰ অভিযানে এই ধাৰণাটো কঢ়িয়াই আনিছে যে “আপুনি আপোনাৰ শৰীৰক লৈ ভবাতকৈ উৰ্ধ্বত”। ইয়াত মানুহক শাৰীৰিক অবয়ব বা চেহেৰাৰ ওপৰত ভিত্তি কৰি দিয়া নিকনেমৰ জৰিয়তে সীমাবদ্ধ নহ’বলৈ আহ্বান জনোৱা হৈছে, কিয়নো নাম এটাই আপোনাৰ ক্ষমতা আৰু আপুনি কিমান ফিট সেইটো নিৰ্ধাৰণ কৰিব নোৱাৰে।

টেটলীৰ এই শক্তিশালী ছবিখনে এটা নিকনেম(উপনাম)ৰ পৰা উদ্ভৱ হোৱা পক্ষপাতিত্ব বা সামাজিক ব্যৱধানক দেখুওৱা হৈছে য’ত অজানিতে শৰীৰক লজ্জাজনক বা শাৰীৰিক অৱবয়ক নেতিবাচকভাৱে তুলি ধৰা হয়। টাটা কনজিউমাৰ প্ৰডাক্টছৰ পেকেজড বেভাৰেজ (ভাৰত আৰু দক্ষিণ এছিয়া)ৰ অধ্যক্ষ পুনীত দাসে কয় যে, এই অভিযানে মানুহক ভিতৰৰ পৰা বাহিৰলৈ ফিট অনুভৱ কৰাত মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছে আৰু শৰীৰৰ ধৰণ বা চেহেৰাতে আৱদ্ধ হৈ নাথাকিবলৈ আহ্বান জনাইছে।

এই ফিল্মখনত ‘গলু’ নামৰ এগৰাকী মহিলাৰ কাহিনী দেখুওৱা হৈছে য’ত ভাবনা বা বিচাৰধাৰাত অতিক্ৰমি এটা বিশ্বাসৰ আধাৰত শক্তিশালী হয় ঠিয় দিয়ে যে আনে অনুভৱ নোৱাৰা কিবা এটা অধিক আৰু পৃথক অনুভৱ কৰিছে। চলচ্চিত্ৰখনৰ সমাপ্তিত সকলো ধৰণৰ শাৰীৰিক অবয়বৰ বাবে মানুহে দিয়া নিকনেমৰ এখন প্লেকাৰ্ড লৈ ইতিবাচক বাৰ্তা “মাই বডী কেন, ইয়ৰ বডী কেন, এভ্ৰি বডী কেন” সমাজলৈ প্ৰেৰণ কৰিছে, য’ত মানুহে নিজৰ নিকনেম আৰু বাহ্যিকভাৱে দেখা আৰু মানুহে দিয়া উপনামতকৈ বহু কিবাকিবি কৰিব পাৰে বুলি বাৰ্তা প্ৰেৰণ কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *