টাটা মটৰ্ছে ভাৰতৰ #১ বিক্ৰী হোৱা এছইউভি ব্ৰেণ্ড নেক্সনক আইচিই আৰু ইভিৰ বাবে নিজৰ আইকনিক #ডাৰ্ক অৱতাৰ মুকলি কৰি আকৰ্ষণীয় অফাৰ প্ৰদান কৰিছে। ইয়াৰ উপৰিও কোম্পানীটোৱে প্ৰিমিয়াম এছইউভি, নতুন ছাফাৰী আৰু নতুন হেৰিয়াৰ #ডাৰ্ক সংস্কৰণত মুকলি কৰিছে। এই পদক্ষেপৰ বিষয়ে নিজৰ অভিমত ব্যক্ত কৰি টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী লিমিটেডৰ মুখ্য বাণিজ্যিক বিষয়া বিবেক শ্ৰীবত্সই কয় যে, “#ডাৰ্ক সংস্কৰণে সঁচাকৈয়ে নতুন প্ৰজন্মৰ কল্পনাশক্তিক বাস্তৱ ৰূপ প্ৰদান কৰি বিকশিত ৰুচি-শৈলী আৰু পছন্দক প্ৰতিফলিত কৰিছে।”
#ডাৰ্ক ৰেঞ্জে মুকলিৰ পিছৰে পৰাই উদ্যোগটোৰ ট্ৰেণ্ডছেটাৰ হিচাপে পৰিগণিত হৈছে। নতুন #ডাৰ্ক ৰেঞ্জত নেক্সন.ইভিক অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে এক সাহসী আৰু আড়ম্বৰপূৰ্ণ এছইউভি ষ্টাইল প্ৰদান কৰে, আনহাতে নেক্সন #ডাৰ্কত আছে এটা চিছেল্ড হুড, চিকচিকিয়া এলইডি লেম্প আৰু এক গতিশীল ষ্টেন্স। নতুন নেক্সন #ডাৰ্কৰ মূল্য ১১.৪৫ লাখ টকা, আনহাতে নেক্সন.ইভিৰ #ডাৰ্কৰ মূল্য ১৯.৪৯ লাখ টকা।
হেৰিয়াৰ আৰু চাফাৰী হৈছে #ডাৰ্ক ৰেঞ্জৰ ধ্বজাবাহী এছইউভি, য’ত সন্মুখ আৰু পিছফালৰ এলইডি ডিআৰএলত ৱেলকাম আৰু গুডবাই চিগনেচাৰ এনিমেচন, সন্মুখত চেণ্টাৰ পজিচন লেম্পৰ সৈতে এলইডি ডিআৰএল আৰু বৰ্ধিত সুৰক্ষাৰ বাবে ড্ৰাইভাৰ নি এয়াৰ বেগৰ দৰে আগশাৰীৰ অফ-দ্য-লাইন সুবিধা প্ৰদান কৰা হৈছে। নিউ হেৰিয়াৰ #ডাৰ্ক ১৯.৯৯ লাখত উপলব্ধ আৰু নিউ চাফাৰী #ডাৰ্ক ২০.৬৯ লাখ টকাত উপলব্ধ।