টাটা ট্ৰাষ্টে স্তন কৰ্কট সজাগতা বৃদ্ধিৰ বাবে ৰান্ধনী সঞ্জীৱ কাপুৰৰ সৈতে চলচ্চিত্ৰ মুকলি কৰে

86

ভাৰতৰ বৰ্ধিত স্তনৰ কৰ্কট ৰোগীৰ পৰিসংখ্যা জনস্বাস্থ্যৰ বাবে উদ্বেগৰ কাৰণ, কিয়নো প্ৰতি চাৰি মিনিটৰ মূৰে মূৰে এগৰাকী মহিলাৰ শৰীৰত চিনাক্ত হৈছে এই মাৰাত্মক ৰোগ। আগতীয়াকৈ ধৰা পেলোৱা বা চিনাক্ত কৰিব পাৰিলে শক্তিশালী ব্যৱস্থা ল’ব পৰা যায় আৰু সময়মতে কৰ্কট ৰোগৰ যত্নত সহায় কৰিব পৰা যায়। স্তনৰ কৰ্কট ৰোগৰ সজাগতা বৃদ্ধিয়ে বিভিন্ন ধাৰণা-কাৰকক ভয়ৰ পৰা জ্ঞানলৈ ৰূপান্তৰিত কৰিব পাৰে, যাৰ ফলত মহিলাসকলক সক্ৰিয়ভাৱে নিজৰ স্বাস্থ্যৰ দায়িত্ব বা যত্ন ল’বলৈ শক্তিশালী হৈ উঠে। টাটা মেম’ৰিয়েল হাস্পতালৰ চাৰ্জিকেল অংক’লজিষ্ট ডাঃ শালকা যোশীয়ে এই বিষয়ে কয় যে, “ভাৰতত ৩০গৰাকী মহিলাৰ ভিতৰত এগৰাকী মহিলা স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হয়, যোৱা ২৫ বছৰত এই ৰোগৰ প্ৰাদুৰ্ভাৱৰ হাৰ বৃদ্ধি পাইছে। উচ্চ নিৰাময়ৰ হাৰ লাভৰ বাবে আগতীয়াকৈ চিনাক্তকৰণ অতি গুৰুত্বপূৰ্ণ, যদিহে আগতীয়াকৈ ধৰা পৰে তেন্তে পাঁচ বছৰত ৯০%তকৈ অধিক সফলতা লাভ কৰে। দুৰ্ভাগ্যজনকভাৱে, আমাৰ দেশৰ ৬০% মহিলাৰে প্ৰাৰম্ভিক লক্ষণ আৰু লক্ষণৰ প্ৰতি সচেতনতাৰ অভাৱ, পৰীক্ষাৰ অনুপলব্ধতা, ব্যক্তিগত স্বাস্থ্যৰ বিষয়ে অজ্ঞানতা, চিকিৎসাৰ ভয় আদিৰ বাবে এডভান্স পৰ্যায়ত ৰোগ ধৰা পৰে।

প্ৰাৰম্ভিক পৰ্যায়ৰ চিনাক্তকৰণৰ ফলত সহজে আৰোগ্য হয় আৰু জীৱনৰ মানো উন্নত হয়। প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পৰিলেও কম চিকিৎসা আৰু জীৱনৰ মানদণ্ড উন্নত হয়। মোৰ ক্লিনিকেল অভিজ্ঞতাৰ সময়ত বহু মহিলাই স্তনত থকা গোটা অংশ বা পৰিৱৰ্তনক আওকাণ কৰে কিয়নো বহু সময়ত শৰীৰত বিষ নহয়, কিন্তু এই কথাটো বুজি পোৱাটো যথেষ্ট প্ৰয়োজনীয় কিয়নো বিষহীন নোহোৱা মানেই বিপদহীন নহয়। যুৱতীসকলৰো স্তন কেন্সাৰ হ’ব পাৰে আৰু সতৰ্ক হোৱা উচিত। আমাৰ মিছন হৈছে এই অজ্ঞানতাক মোকাবিলা কৰা আৰু মহিলাসকলক “স্তন সচেতন” হ’বলৈ আৰু আগতীয়াকৈ চিকিৎসকৰ কাষ চাপিবলৈ উৎসাহিত কৰা। এই জ্ঞান-তথ্যৰে মহিলাসকলক সবলীকৰণ কৰিলে ৰোগৰ বোজা বহু পৰিমাণে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।” এই লক্ষ্যৰে টাটা ট্ৰাষ্টে মুকলি কৰিছে এক অনন্য অভিযান, ‘গান্থ পে ধ্যান’ (‘ফকাচ অন দ্য লাম্প’), যিয়ে মহিলাসকলক খাদ্যৰ ৰন্ধা-বঢ়াত যিদৰে নিখুঁতভাৱে যত্ন লয় বা সময় দিয়ে আৰু পাকঘৰৰ খাদ্যসমূহ গোটা মাৰিবলৈ নিদি অহৰহ নিৰীক্ষণ কৰি সম্পূৰ্ণতা প্ৰদান কৰে, ঠিক এই প্ৰক্ৰিয়াৰ পৰাই মহিলাসকলক অনুপ্ৰেৰণা লাভ কৰিবলৈ উৎসাহিত কৰে আৰু নিয়মিতভাৱে স্তনত ‘গান্থ’ (গুটি)ৰ যিকোনো লক্ষণৰ বাবে নিজকে নিজে পৰীক্ষা কৰাত মনোযোগ বা গুৰুত্ব দিব লাগে।

স্থানীয় সম্প্ৰদায়ৰ সৈতে নিজৰ সক্ৰিয় উপস্থিতিৰ পৰিপূৰক হিচাপে এই ট্ৰাষ্টে অধিক মহিলাক নিজৰ স্বাস্থ্যক অগ্ৰাধিকাৰ প্ৰদান আৰু নিজৰ যত্নক গুৰুত্ব দিবলৈ এখন সামাজিক সজাগতামূলক চলচ্চিত্ৰ মুকলি কৰে। পদ্মশ্ৰী প্ৰাপক তথা বিশিষ্ট চেফ সঞ্জীৱ কাপুৰক লৈ প্ৰস্তুত কৰা এই চলচ্চিত্ৰখনৰ লক্ষ্য হৈছে মহিলা দৰ্শকসকলৰ মাজত যোগাযোগ আৰু অনুৰণন ঘটোৱা। ৰন্ধা-বঢ়া আৰু নিজৰ স্তন নিজেই পৰীক্ষাৰে সংযোগ কৰা সহজ উপমাটোক সৃষ্টিশীলতাৰে অন্বেষণ কৰি চলচ্চিত্ৰখনে মহিলাসকলক স্তন পৰীক্ষাৰ বাবে উদগণি জনাবলৈ অনুপ্ৰাণিত কৰিব, নিজৰ স্বাস্থ্যক অৱহেলা নকৰিবলৈ উৎসাহিত কৰিব আৰু জীৱন ৰক্ষা কৰাত সহায় কৰিব বুলি আশা কৰিছে। চলচ্চিত্ৰখনৰ জৰিয়তে মহিলাসকলৰ চিকিৎসাৰ ক্ষেত্ৰত পলম হ’ব পৰা বিভিন্ন কাৰকসমূহৰ বিষয়ে আলোচনা কৰা হৈছে, যাৰ ভিতৰত অন্যতম হৈছে কম সজাগতা, সামাজিক নীতি-নিয়ম আৰু লিংগ পক্ষপাতিত্বৰ পৰা আৰম্ভ কৰি চিকিৎসাৰ সহায় বিচাৰি পৰিয়ালৰ আন সদস্যৰ ওপৰত নিৰ্ভৰশীলতালৈকে বিভিন্ন কাৰকসমূহ।“টাটা ট্ৰাষ্টত আমি নিজেই নিজৰ স্তন পৰীক্ষাৰ জৰিয়তে মহিলাসকলক আগতীয়াকৈ চিনাক্তকৰণৰ গুৰুত্বৰ বিষয়ে অৱগত কৰাৰ ক্ষেত্ৰত সজাগতাই পালন কৰিব পৰা গুৰুত্বপূৰ্ণ ভূমিকা উপলব্ধি কৰোঁ। সমগ্ৰ দেশতে আমাৰ সামূহিক অনুষ্ঠানৰ সময়ত মহিলাসকলে এই বাৰ্তাৰ প্ৰতি যি অনুৰণন বা আগ্ৰহ দেখুৱাইছিল, সেই অনুৰণনে আমাক এখন ছবিৰ জৰিয়তে অধিক দৰ্শকৰ মাজলৈ লৈ যাবলৈ উৎসাহিত কৰিছিল, কিয়নো অধিকাংশ মহিলাই বুজিবলৈ প্ৰয়াস কৰিছিল যে ই কিমান সহজ আৰু সৰল আৰু কিদৰে সম্ভাৱনাপূৰ্ণভাৱে জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে”-এইদৰে উল্লেখ কৰে টাটা ট্ৰাষ্টৰ ব্ৰেণ্ড আৰু বিপণন যোগাযোগ বিভাগৰ দায়িত্বত থকা শিল্পী ঘোষে।