ভাৰতৰ অন্যতম বৃহৎ সংহত শক্তি প্ৰতিষ্ঠান টাটা পাৱাৰে একেৰাহে ২২ সংখ্যক ত্ৰৈমাসিকৰ বাবে নিজৰ শক্তিশালী বৃদ্ধিৰ গতি অব্যাহত ৰাখিছে, কোম্পানীটোৱে কৰৰ পিছত লাভ (পিএটি) ১,৩০৬ কোটি টকা (বছৰি ২৫% বৃদ্ধি) আৰু ৰাজহ ১৭,৩২৮ কোটি (বছৰি ৭% বৃদ্ধি) অৰ্জন কৰিবলৈ সক্ষম হৈছে। ২০২৫ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ বাবে ইবিআইটিডিএ ১৪% বৃদ্ধি পাই ৩,৮২৯ কোটি হৈছেগৈ। ২০২৫ চনৰ ৩১ মাৰ্চত সমাপ্ত হোৱা বিত্তীয় বৰ্ষৰ বাবে কোম্পানীটোৱে এতিয়ালৈকে সৰ্বাধিক বাৰ্ষিক ৰাজহ ৬৪,৫০২ কোটি অৰ্জন কৰিছে। সম্পূৰ্ণ বছৰৰ বাবে পিএটি (ব্যতিক্ৰমী সামগ্ৰীৰ পূৰ্বে) ২৬% বৃদ্ধি পাই ৫,১৯৭ কোটি হৈছেগৈ, প্ৰথমবাৰৰ বাবে ৫,০০০ কোটি টকাৰ মাইলৰ খুঁটি অতিক্ৰম কৰে। বছৰটোৰ বাবে ইবিআইটিডিএও ১৪% বৃদ্ধিৰে ১৪,৪৬৮ কোটি টকাত উপনীত হৈ অভিলেখ সৃষ্টি কৰিছে।
টাটা পাৱাৰৰ চিইঅ’ আৰু পৰিচালন সঞ্চালক ডাঃ প্ৰবীৰ সিনহাই কয় যে, “২০২৫ৰ চতুৰ্থ ত্ৰৈমাসিকত পিএটি বৃদ্ধিৰ একেৰাহে ২২ সংখ্যক ত্ৰৈমাসিক ৰূপে চিহ্নিত হৈছে, যিয়ে কেইবাটাও উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰি নতুন দিশৰ সূচনা কৰিছে। প্ৰথমবাৰৰ বাবে আমি এবছৰৰ ভিতৰত নবীকৰণযোগ্য ক্ষমতা সংযোজনৰ ক্ষেত্ৰত ১ জিডব্লিউ অতিক্ৰম কৰিলোঁ আৰু এতিয়া বিত্তীয় বৰ্ষ ২০২৬ত ২ জিডব্লিউৰ লক্ষ্য লৈছোঁ। আমাৰ ছাদৰ ওপৰৰ সৌৰ ব্যৱসায়ে আকৰ্ষণীয় প্ৰদৰ্শন কৰি শিখৰত উপনীত হৈছে।”
১.৫ লাখ ইনষ্টলেচন, মুঠ ইনষ্টলড ক্ষমতা ৩ জিডব্লিউ হৈছেগৈ। ইয়াৰ লগতে তামিলনাডুৰ তিৰুনেলভেলীত থকা আমাৰ ৪.৩ গিগাৱাট চেল আৰু ৪.৩ জিৱাট মডিউল নিৰ্মাণ কেন্দ্ৰই বছৰটোৰ ভিতৰত ৩,২৯১ মেগাৱাট মডিউল আৰু ৮৪৬ মেগাৱাট চেল উৎপাদন কৰিছে। আমাৰ বিতৰণ খণ্ডইও শক্তিশালী ফলাফল প্ৰদৰ্শন কৰে, ওড়িশা ডিচকমৰ পিএটি ২০২৫ৰ চতুৰ্থ ত্ৰৈমাসিকত ৩গুণ আৰু সমগ্ৰ বিত্তীয় বৰ্ষত ৪৩% বৃদ্ধি পাইছে।” এডভাণ্টেজ অসম ২.০ত ঘোষণা কৰা টাটা পাৱাৰে ৩০,০০০ কোটি টকাৰ বিনিয়োগেৰে অসমৰ স্বচ্ছ শক্তি পৰিৱৰ্তনৰ প্ৰতি নিজৰ দায়বদ্ধতাক শক্তিশালী কৰিছে।