টাটা নেক্সনে ১ লাখ টকালৈকে মূল্য লাভালাভৰ সৈতে ৭ লাখ বিক্ৰীমাইলৰ খুঁটি চিহ্নিত কৰিছে

135

ভাৰতৰ আগশাৰীৰ অটোমোটিভ নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে ভাৰতৰ ১ নং এছইউভি – নেক্সনৰ ৭ লাখ ইউনিট বিক্ৰী উদযাপন কৰিছে। ২০১৭ চনত প্ৰথমবাৰলৈ মুকলি কৰা নেক্সনে ২০২১ চনৰ পৰা ২০২৩ চনলৈকে একেৰাহে ৩ বছৰ ধৰি ভাৰতৰ সৰ্বাধিক বিক্ৰী হোৱা এছইউভি হিচাপে গৌৰৱ অৰ্জন কৰিছে। তেতিয়াৰ পৰাই এই ধাৰা অব্যাহত আছে। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত নতুন জেন নেক্সনে ২০২২ৰ বৰ্ধিত প্ৰট’কল অনুসৰি জিএনচিএপি ৫ ষ্টাৰ ৰেটিং লাভ কৰিছিল, একে পথকে অনুসৰণ কৰি চলিত মাহতে Nexon.ev-এ ভাৰত-এনচিএপিৰ পৰা সন্মানীয় ৫ ষ্টাৰ ৰেটিং লাভ কৰিছে।

টাটা নেক্সনে এইপৰ্যন্ত বহুচৰ্চিত ৪১টা বঁটা জিনিবলৈ সক্ষম হৈছে, নিজৰ চমকপ্ৰদন প্ৰদৰ্শনেৰে বিক্ৰী ত্বৰান্বিত কৰি মাত্ৰ যোৱা দুবছৰত (২০২২ আৰু ২০২৩) ৩ লাখতকৈ অধিক ইউনিট বাহন বিক্ৰী কৰিবলৈ সক্ষম হৈছে। একাধিক পাৱাৰ ট্ৰেইন-পেট্ৰ’ল, ডিজেল আৰু ইলেক্ট্ৰিক ৰূপতো উপলব্ধ নেক্সন, লগতে ব্ৰেণ্ড নেক্সনে সময়ৰ লগে লগে শক্তি বৃদ্ধি কৰি আহিছে আৰু নিজৰ শ্ৰেণীটোৰ ভিতৰতে অগ্ৰণী ডিজাইন, ছেগমেণ্টৰ শ্ৰেষ্ঠ বৈশিষ্ট্য আৰু এটা প্ৰযুক্তিৰে ভৰপূৰ অভিজ্ঞতাৰ বাবে এক সমৰ্পিত অনুৰাগীৰ ভিত্তি গঢ়ি তুলিছে।

এই উপলক্ষে নিজৰ অভিমত প্ৰদান কৰি টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী লিমিটেডৰ মুখ্য বাণিজ্যিক বিষয়া বিবেক শ্ৰীবৎসই কয় যে, “টাটা নেক্সনৰ ৭ বছৰত ৭ লাখ বিক্ৰীৰ এই লেণ্ডমাৰ্ক কৃতিত্ব উদযাপন কৰিবলৈ আৰু ক্ৰমবৰ্ধমান নেক্সন পৰিয়াললৈ আমাৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ বৰ্তমান আৰু নতুন গ্ৰাহক উভয়ৰে বাবে আমি আকৰ্ষণীয় মূল্যৰ সুবিধা আগবঢ়াইছোঁ।”