টাটা মটৰ্ছে টিয়াগো আৰু টিগ’ৰ আইচিএনজি এএমটি মুকলিৰ লগে লগে ভাৰতীয় বজাৰত সূচনা হ’ল বৈপ্লৱিক পৰিৱৰ্তনৰ

টাটা মটৰ্ছে টিয়াগো আৰু টিগ’ৰ আইচিএনজি এএমটি মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যাৰ ফলত কম্প্ৰেছড নেচাৰেল গেছ (চিএনজি) বাহনৰ সৈতে অটোমেটিক মেনুৱেল ট্ৰেন্সমিছন (এএমটি) প্ৰযুক্তি দেশত প্ৰথমবাৰলৈ ব্যৱহাৰৰ লগে লগে নতুন যুগৰ সূচনা হ’ল।  আজি মুম্বাইত ঘোষণা কৰা এই শুভাৰম্ভণিয়ে অটোমোটিভ খণ্ডত উদ্ভাৱন আৰু বহনক্ষমতাৰ প্ৰতি টাটা মটৰ্ছৰ দায়বদ্ধতাক দৃঢ় কৰি তুলিছে। টিয়াগো আৰু টিগ’ৰ আইচিএনজি মডেল বাহনে ২৮.০৬ কেএম/কেজিৰ এক আকৰ্ষণীয় মাইলেজ প্ৰদান কৰে, যিয়ে এই ছেগমেণ্টত ইন্ধন কাৰ্যক্ষমতাৰ ক্ষেত্ৰত এক নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে।টিয়াগো আইচিএনজিৰ বাবে ৭.৮৯ লাখ আৰু টিগ’ৰ আইচিএনজি (এক্স-শ্ব’ৰুম, দিল্লী)ৰ বাবে ৮.৮৪ লাখ টকাৰ আকৰ্ষণীয় প্ৰাৰম্ভিক মূল্যত উপলব্ধ এই বাহনসমূহে ব্যয়সাধ্যতা আৰু পৰিৱেশ-অনুকূলতাৰ এক আকৰ্ষণীয় সংমিশ্ৰণ আগবঢ়ায়।

টাটা মটৰ্ছে এএমটি চিএনজি প্ৰযুক্তিৰ প্ৰৱৰ্তনৰ সমান্তৰালভাৱে আকৰ্ষণীয় নতুন বিকল্পৰ সৈতে নিজৰ ৰঙৰ পেলেট সম্প্ৰসাৰণ কৰিছে, যাৰ ভিতৰত আছে টিয়াগোৰ বাবে টৰ্নেডো ব্লু, টিয়াগো এনআৰজিৰ বাবে গ্ৰাছলেণ্ড বেইজ আৰু টিগ’ৰৰ বাবে মিটিঅ’ৰ ব্ৰঞ্জ ইত্য়াদি। নতুন পদক্ষেপৰ বিষয়ে সদৰি কৰি টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেডৰ মুখ্য বাণিজ্যিক বিষয়া অমিত কামাতে  উৎসাহেৰে কয় যে, “চিএনজিয়ে নিজৰ ব্যাপক উপলব্ধতাৰ বাবে যথেষ্ট পৰিমাণে গ্ৰহণযোগ্যতা লাভ কৰিছে। টাটা মটৰ্ছে চিএনজি ছেগমেণ্টত উদ্ভাৱনৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে আৰু এএমটিত টিয়াগো আৰু টিগ’ৰ আইচিএনজি মুকলি কৰি আমি নতুন মানদণ্ড স্থাপন কৰিলো।”

টাটা মটৰ্ছে নিজৰ বিস্তৃত পৰ্টফলিঅ’ৰ সহায়ত চিএনজি বাহনসমূহৰ ক্ৰমবৰ্ধমান চাহিদাক মূলধন হিচাপে ব্যৱহাৰ কৰাৰ লক্ষ্য লৈছে, য’ত টিয়াগো, টিগ’ৰ, আলট্ৰ’জ আৰু পাঞ্চ মডেলক অন্তৰ্ভুক্ত কৰা হৈছে। পূৰ্বৰ বছৰৰ তুলনাত ২০২৪ বিত্তীয় বৰ্ষত চিএনজি বিক্ৰীৰ ক্ষেত্ৰত উল্লেখযোগ্য ৬৭.৯% বৃদ্ধিৰে কোম্পানীটোৱে নিজৰ গতি অব্যাহত ৰাখিবলৈ আৰু পৰিৱেশ-অনুকূল পৰিবহন সমাধান অধিক পৰিমাণে গ্ৰহণৰ বাবে সাজু হৈছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *