টাটা মটৰ্ছে বছৰটোত ৭.৯ লাখতকৈও অধিক লোকৰ জীৱনত পেলাইছিল ইতিবাচক প্ৰভাৱ 

টাটা মটৰ্ছে তেওঁলোকৰ ৮ম বাৰ্ষিক কৰ্পোৰেট সামাজিক দায়বদ্ধতা (চি.এছ.আৰ.)ৰ প্ৰতিবেদন মুকলি কৰিছে, যিয়ে বিত্তীয় বৰ্ষ ২২-ত সামাজিক আৰু পাৰিপাৰ্শ্বিক প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে ইয়াৰ ব্যাপক প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। ইয়াৰ উপৰিও বহনক্ষম উন্নয়ন আৰু ৰাষ্ট্ৰ নিৰ্মাণত উদগনি দিয়াৰ বাবে সামগ্ৰিক বিকাশ তৈয়াৰৰ বিষয়ে উল্লেখ কৰিছে। সামগ্ৰিকভাৱে, কোম্পানীটোৰ প্ৰচেষ্টাই বছৰটোত ৭.৯ লাখৰো অধিক জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছিল। ইয়াৰে ৪০% ৰো অধিক হিতাধিকাৰী অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি সম্প্ৰদায়ৰ আছিল।

বিত্তীয় বৰ্ষ ২২-ৰ বাবে টাটা মটৰ্ছ চিএছআৰ প্ৰতিবেদনৰ মুখ্য বিষয়বোৰৰ ভিতৰত আছে চৰকাৰৰ টিকাকৰণ প্ৰচেষ্টাক সমৰ্থন কৰা, টাটা মটৰ্ছৰ ১১ খন অনুকূলিত আৰু সম্পূৰ্ণ সজ্জিত মোবাইল টিকাকৰণ ভানৰে দেশৰ দূৰৱৰ্তী অঞ্চলত বাস কৰা হিতাধিকাৰীসকলৰ পদূলিতে ভেকছিন প্ৰদান কৰা। স্বাস্থ্যসেৱা অধিক সুলভ কৰি তুলি টাটা মটৰ্ছে ইয়াৰ ‘আৰোগ্য’ উদ্যোগৰ জৰিয়তে ৫.৫ লাখৰো অধিক ব্যক্তিক ইতিবাচকভাৱে প্ৰভাৱিত কৰিছে। প্ৰতিবেদনখনে লগতে দেখুৱাইছে যে টাটা মটৰ্ছে দেশৰ পানীৰ অভাৱ থকা অঞ্চলত, বিশেষকৈ জনজাতীয় অঞ্চলসমূহত বাস কৰা ৫,৮০০ লোকক তেওঁলোকৰ বাসস্থানৰ ২০০ মিটাৰৰ ভিতৰত প্ৰতিদিনে ৩০ লিটাৰ বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সক্ষম কৰি তোলা।

এই সন্দৰ্ভত টাটা মটৰ্ছৰ মুখ্য ছাষ্টাইনবিলিতি (Sustainability) বিষয়া শ্ৰী এছজেআৰ কূটটি (SJR Kutty) য়ে কয়, “আমাৰ চিএছআৰ পদক্ষেপসমূহ চৰকাৰৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে সৰ্বাধিক প্ৰভাৱ পেলোৱাৰ বাবে প্ৰস্তুত কৰা হৈছে, যাতে প্ৰসাৰ আৰু পৰিমাণ বৃদ্ধি হয়। আমাৰ বিত্তীয় আৰু মানৱ সম্পদৰ সাৱধান পৰিকল্পনা আৰু সৰ্বোত্তম ব্যৱহাৰৰ সৈতে, আমি প্ৰতি বছৰে অধিক লোকক স্পৰ্শ কৰাৰ আশা কৰো।”

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *