টাটা মটৰ্ছে মহিলাক আৰ্থ-সামাজিক পৰিৱৰ্তনৰ বাবে শক্তিশালী কৰিবলৈ পৰম্পৰাগত “চিকনকাৰী” হস্তশিল্পৰ সুবিধা প্ৰদান কৰিছে

টাটা মটৰ্ছৰ সমাজ বিকাশ কেন্দ্ৰ(এছভিকে)ই ভাৰতৰ গ্ৰামাঞ্চলৰ মহিলাসকলক ‘চিকনকাৰী’ হস্তশিল্পৰ দক্ষতা প্ৰদান কৰি সহায় কৰিছে আৰু সফল ব্যৱসায় গঢ়ি তোলাৰ বাবে বিভিন্ন গোটসমূহক সংগঠিত কৰিছে। প্ৰায় ১৫০ৰো অধিক মহিলা আত্মসহায়ক গোটক ঋণ আৰু মিতব্যয়ী কাৰ্যকলাপত নিয়োজিত কৰি আহিছে টাটা মটৰ্ছে। যোৱা ১৬ বছৰত বিভিন্ন আৰ্থ-সামাজিক পদক্ষেপেৰে উল্লেখযোগ্য ২৫ লাখ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে, যিয়ে মহিলাৰ অৰ্থনৈতিক স্বতন্ত্ৰতাৰ ওপৰত টাটা মটৰ্ছ সমাজ বিকাশ কেন্দ্ৰৰ পৰিৱৰ্তনশীল প্ৰভাৱ প্ৰতিফলিত হৈছে।

২০০৭ চনত টাটা মটৰ্ছ এছভিকে এই প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল য’ত প্ৰতিষ্ঠানটোৱে দু প্ৰং ষ্ট্ৰেটেজী(দ্বিমুখী ৰণনীতি)ৰে কাম কৰি আহিছে, যাতে হস্তশিল্পক পুনৰুজ্জীৱিত কৰি মহিলাৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে পদক্ষেপ ল’ব পৰা যায়। এছভিকেই ১৫খন গাঁৱৰ মহিলাক প্ৰয়োজনীয় দক্ষতা আৰু বজাৰৰ ট্ৰেণ্ডেৰে সজ্জিত কৰিবলৈ এটা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছিল।

২০১১ত এছএইচজি ফেডাৰেচনৰ কাৰ্যসূচীয়ে পাটৰ বেগ, মমবাতি, বনৌষধিযুক্ত গুলাল, কাপোৰৰ বেগ আৰু কৃত্ৰিম গহণাৰ দৰে নতুন দক্ষতা অন্তৰ্ভুক্ত কৰি উত্পাদন আৰু বিক্ৰীৰ সম্প্ৰসাৰিত কৰে। টাটা মটৰ্ছে উত্তৰ প্ৰদেশৰ মহিলাসকলক কল্যাণমূলক আঁচনি, দক্ষতা বৃদ্ধি আৰু উপাৰ্জন বৃদ্ধিৰ জৰিয়তে সহায় কৰে। লিংগ সমতাৰ বাবে সমাজৰ প্ৰত্যাহ্বানসমূহ নেওচি এইসকল মহিলাই সামাজিক পৰিৱৰ্তনৰ অংশীদাৰ হৈছে। এই বিষয়ে টাটা মটৰ্ছৰ চিএছআৰৰ মুৰব্বী বিনোদ কুলকাৰ্ণীয়ে কয় যে, “এই কাৰ্যসূচীৰ সফলতাই এখন সমতাপূৰ্ণ সমাজৰ পথ প্ৰশস্ত কৰাৰ বাবে আমাৰ দৃঢ়তা আৰু দায়বদ্ধতাক প্ৰদৰ্শন কৰিছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *