টাটা মটৰ্ছে মুকলি কৰে টিয়াগো এনআৰজি এক্সটি ভেৰিয়েণ্ট

ভাৰতৰ আগশাৰীৰ অট’ম’টিভ ব্ৰেণ্ড টাটা মটৰ্ছে মুকলি কৰে টিয়াগো এনআৰজি এক্সটি ভেৰিয়েণ্ট (Tiago NRG XT variant), যাৰ মূল্য হৈছে ৬.৪২ লাখ টকা। এইটো দুটা শাখাত উপলব্ধ হ’ব – টিটিয়াগো এক্সটি এনআৰজি আৰু টিয়াগো এক্সজেড এনআৰজি। নতুন টিয়াগো এনআৰজি এক্সটি ভেৰিয়েণ্টত নতুন ১৪” হাইপাৰষ্টাইল হুইলচ, ৩.৫” ইনফোটেইনমেণ্ট চিষ্টেম, ষ্টিয়েৰিং মাউণ্টেড কণ্ট্ৰোল, হাইট এডজাষ্টেবল ড্ৰাইভাৰ চিট, ফ্ৰণ্ট ফগ লেম্পৰ লগতে আন বহুতো সুবিধা আছে, যেনে ১৮১ এমএম হাই গ্ৰাউণ্ড ক্লিয়াৰেন্স, ৰগড ক্লেডিং, ৰুফ ৰেল আৰু ব্লেক চাৰ্কোল ৰ সৈতে ইনফিনিটি ব্লেক ৰুফ।

টাটা মটৰ্ছে ইয়াৰ বিদ্যমান টিয়াগো এক্সটি ভেৰিয়েণ্টৰ উন্নীতকৰণৰ কথাও ঘোষণা কৰে আৰু নতুন সুবিধাযোগে ১৪” হাইপাৰষ্টাইল হুইলচ, হাইট এডজাষ্টেবল ড্ৰাইভাৰ চিট, ৰেৰ পাৰ্চেল শ্বেল্ফ (rear parcel shelf) আৰু অন্যান্য অন্তৰ্ভুক্ত কৰে। এই সুবিধাবোৰ টিয়াগো এক্সটি, এক্সটিএ আৰু এক্সটি আইচিএনজিকে ধৰি এক্সটি পৰিসৰত উপলব্ধ হ’ব।কোম্পানীটোৱে টিয়াগো এক্সটি পেট্ৰ’ল ভেৰিয়েণ্টৰ বাবে এটা বৈকল্পিক ৰিদম পেকো প্ৰৱৰ্তন কৰে, য’ত ৭” টাচস্ক্ৰীণ ইনফোটেইনমেণ্ট চিষ্টেম, পিছফালৰ কেমেৰা আৰু ৪ টা টুইটাৰৰ দৰে সুবিধা অন্তৰ্ভুক্ত আছে।

ৰিদম পেকটো নতুন এক্সটি ট্ৰিমতকৈ ৩০,০০০ টকা অতিৰিক্ত ব্যয়ত প্ৰাপ্ত কৰিব পাৰি। নতুন এক্সটি ট্ৰিমত অপাল হোৱাইট, ডেটোনা গ্ৰে, এৰিজোনা ব্লু আৰু ফ্লেম ৰেড ৰঙৰ বিকল্পৰ সৈতে মিডনাইট প্লাম ৰঙত মুকলি কৰা হৈছে। টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেডৰ বিক্ৰী, বিপণন আৰু গ্ৰাহক সেৱাৰ উপাধ্যক্ষ শ্ৰীযুত ৰাজন আম্বাই কয়, “আমি নিশ্চিত যে এই সুবিধা সমৃদ্ধ এক্সটি ভেৰিয়েণ্টযোগে এনআৰজি আৰু সামগ্ৰিক টিয়াগো পৰ্টফলিঅ’ক অধিক শক্তিশালী কৰিব, যাৰ ফলত ইয়াৰ বিক্ৰী প্ৰদৰ্শন বৃদ্ধি পাব।”

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *