টাটা মটৰ্ছে মহাৰাষ্ট্ৰৰ জনজাতীয় অধ্যুষিত অঞ্চলত আৰম্ভ কৰিছে ৱান মিলিয়ন প্লাণ্টেচন পদক্ষেপ

153

মহাৰাষ্ট্ৰৰ প্ৰান্তীয় জনজাতীয় প্ৰধান অঞ্চলত ১ মিলিয়ন গছপুলি ৰোপণেৰে পৰিৱৰ্তনশীল অভিযান ৰূপায়ণ কৰিছে দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান টাটা মটৰ্ছে। এই অভিলাষী প্ৰকল্পৰ লক্ষ্য হৈছে পালঘৰ জিলাৰ স্থানীয় জনগোষ্ঠীয় লোকৰ মাজত গছৰ পুলিটোৰ দৰেই সকলোৰে জীৱনলৈ আশাৰ সঞ্চাৰ কৰা। এইপৰ্যন্ত আঠটা ব্লকত ১৩,০০০ একৰ ভূমি সামৰি ১.৫ মিলিয়ন বনজ উদ্ভিদ আৰু ফল-মূলৰ পুলি লহপহকৈ বাঢ়ি আহিছে, এসময়ৰ চন পৰি থকা এই ভূমিয়ে সেউজ ৰূপ লৈ এই অঞ্চলটোলৈ ৰূপান্তৰৰ বাৰ্তা কঢ়িয়াইছে।

টাটা মটৰ্ছে সহযোগিতামূলক মডেলৰ জৰিয়তে গছপুলি ৰোপণৰ সকলো খৰচ বহন কৰিছে। এই ইতিবাচক পদক্ষেপৰ বাবে বিএআইএফ ইনষ্টিটিউট ফৰ ছাষ্টেনেবল লাইভলিহুডছ এণ্ড ডেভেলপমেণ্ট(বিআইএছএলডি)-এ কাৰিকৰী সহায় আৰু প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু চৰকাৰেও গছপুলি ৰোপণৰ পিছৰ আদৰ-যত্ন বা সেৱাৰ বাবে এমএনৰেগাৰ জৰিয়তে এক উল্লেখযোগ্য অংশ পুঁজি আগবঢ়াইছে। এই মজুৰি পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ স্থানান্তৰ কৰা হয়, যি ধনৰাশি গছপুলিসমূহ জীয়াই থকা পৰিমাণ বা হাৰৰ ওপৰত নিৰ্ভৰ কৰে। জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু পিছপৰা কৃষকৰ প্ৰব্ৰজন নোহোৱা কৰিবলৈ অহা ৩ মাহৰ ভিতৰত অতিৰিক্ত ১০ লাখ গছপুলি ৰোপণ কৰাৰ পৰিকল্পনা কৰিছে প্ৰতিষ্ঠানটোৱে। টাটা মটৰ্ছৰ চিএছআৰ বিভাগৰ মুৰব্বী বিনোদ কুলকাৰ্নীয়ে এই বিষয়ে কয় যে, “ৱান মিলিয়ন গছপুলি ৰোপণৰ জৰিয়তে আমাৰ অৰ্থনীতি আৰু পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰিবলৈ তথা মাটি আৰু মানুহক একেলগে লালন-পালন কৰি আগুৱাই যাবলৈ যুটীয়া কৌশল হিচাপে গ্ৰহণ কৰিব পাৰি।”

সমন্বিত গ্ৰাম্য উন্নয়ন পদক্ষেপ(আইভিডিপি)ৰ অংশ হিচাপে টাটা মটৰ্ছৰ এই কাৰ্যসূচীয়ে কেৱল দৰিদ্ৰ লোকৰ প্ৰব্ৰজন নিয়ন্ত্ৰণ কৰাই নহয়, লগতে এমএনৰেগা আঁচনিৰ অধীনত পুলিৰ যত্ন আৰু ডাঙৰ হোৱাৰ পিছত উৎপাদন-বিক্ৰীৰ জৰিয়তে বহনক্ষম উপাৰ্জন প্ৰদান কৰি স্থানীয় সম্প্ৰদায়ৰ বাবে উপাৰ্জনৰ পথ মুকলি কৰিছে।