টাটা মটৰ্ছে আগবঢ়াইছে এচ ইভি ১০০০, বৃদ্ধি কৰিছে ই-কাৰ্গো গতিশীলতা সমাধান

ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে সম্পূৰ্ণ নতুন এছ ইভি ১০০০ মুকলি কৰি নিজৰ ই-কাৰ্গো মবিলিটী সমাধান শক্তিশালী কৰি তুলিছে। অন্তিমটো প্ৰান্তলৈকে গতিশীলতাৰ ক্ষেত্ৰখনলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ বিকশিত কৰা এই শূন্য নিৰ্গমন মিনি-ট্ৰাকখনে ১ টনৰ উচ্চ ৰেটপ্ৰাপ্ত পেলোড আৰু এবাৰ চাৰ্জত ১৬১ কিলোমিটাৰপৰ্যন্ত ৰেঞ্জ প্ৰদান কৰে। ভিন্ন গ্ৰাহকৰ বিভিন্ন গুৰুত্বপূৰ্ণ ইনপুটৰ ওপৰত ভিত্তি কৰি এচ ইভি বিকশিত কৰা হৈছে আৰু নতুন ভেৰিয়েণ্টে এফএমচিজি, পানীয়, পেইণ্টছ আৰু লুব্ৰিকেণ্ট, এলপিজি আৰু দুগ্ধৰ দৰে বিভিন্ন খণ্ডৰ বিকশিত প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব।

১৫০টা ইলেক্ট্ৰিক বাহন সহায়ক কেন্দ্ৰৰ জৰিয়তে এচ ইভিত এটা উন্নত বেটাৰী ব্যৱস্থাপনা ব্যৱস্থা, ফ্লিট এজ টেলিমেটিক্স ব্যৱস্থা আৰু আপটাইমৰ বাবে শক্তিশালী এগ্ৰিগেটৰৰ সুবিধা প্ৰদান কৰা হয়।  ই টাটা ইউনিভাৰ্ছৰ সামৰ্থ্যৰ সুবিধা প্ৰদান কৰে, লগতে টাটা গ্ৰুপৰ কোম্পানীবোৰৰ সৈতে সহযোগিতা কৰি এক সামগ্ৰিক ই-কাৰ্গো গতিশীলতা সমাধান আগবঢ়োৱাৰ বাবে ফাইনেন্সাৰসকলৰ সৈতে সহযোগিতা কৰে। বহুমুখী কাৰ্গো ডেকৰ সৈতে উপলব্ধ ইয়াক টাটা মটৰ্ছৰ সকলো ডিলাৰশ্বিপতে বিক্ৰী কৰা হ’ব। এই বিষয়ে উত্সাহ প্ৰকাশ কৰি টাটা মটৰ্ছ কমাৰ্চিয়েল ভেহিকেলছৰ এছচিভি এণ্ড পিইউৰ উপাধ্যক্ষ তথা ব্যৱসায়িক মুৰব্বী বিনয় পাঠকে কয় যে “আমি নিশ্চিত যে এছ ইভি ১০০০-এ উন্নত মানৰ ভেল্যু আৰু মালিকীস্বত্বৰ কম খৰচ প্ৰদান কৰি সেউজ ভৱিষ্যতৰ বাবে অৰিহণা যোগাব।”

ইভোজেন পাৱাৰট্ৰেইনৰ দ্বাৰা চালিত এচ ইভিয়ে প্ৰদান কৰিছে ৭ বছৰৰ বেটাৰী ৱাৰেণ্টী আৰু ৫ বছৰৰ সামগ্ৰিক তত্বাৱধান পেকেজ। ইয়াত ১৩০এনএম পিক টৰ্কৰ সৈতে ২৭ কিলোৱাট মটৰ প্ৰদান কৰা হৈছে, যিয়ে সুৰক্ষিত, সকলো বতৰতে কাৰ্যক্ষম, দ্ৰুত চাৰ্জিং ক্ষমতা আৰু সম্পূৰ্ণ লোডেড অৱস্থাতো উৎকৃষ্ট পিকআপ আৰু গ্ৰেড-ক্ষমতা প্ৰদান কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *