টাটা মটৰ্ছে মুকলি কৰিলে নিজৰ ছেগমেণ্টত প্ৰথম মেজিক বাই-ফুৱেল

ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে দেশৰ সবাতোকৈ পছন্দৰ বাহন টাটা মেজিক ৪ লাখ সুখী গ্ৰাহকক প্ৰদানৰ উল্লেখযোগ্য মাইলৰ খুঁটি উদযাপন কৰিছে। নিৰ্ভৰযোগ্যতা, কাৰ্যক্ষমতা আৰু ব্যয়সাধ্যতাৰ বাবে সকলোৰে পচন্দৰ টাটা মেজিকে গ্ৰাহকৰ সুবিধা বৃদ্ধিৰ বাবে মেজিক বাই-ফুৱেল ভেৰিয়েণ্ট প্ৰৱৰ্তন কৰিছে। ১০খন আসনৰ মডেলত উপলব্ধ এই নতুন ভেৰিয়েণ্ট যাত্ৰী আৰু অপাৰেটৰৰ বাবে এক আদৰ্শ পছন্দ হৈ পৰিছে। টাটা মেজিকৰ চিকচিকিয়া ডিজাইন, সুৰক্ষা আৰু যাত্ৰীৰ আৰামদায়ক সুবিধাৰ বাবে বছৰ বছৰ ধৰি নিজৰ অবিৰত সফলতাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

টাটা মেজিক হৈছে ৬৯৪ চিচি ইঞ্জিন, ৬০ লিটাৰ চিএনজি টেংক, ৫ লিটাৰ পেট্ৰ’ল টেংকযুক্ত শিক্ষাৰ্থী আৰু ষ্টাফ বা কৰ্মচাৰী পৰিবহনৰ বাবে সৰ্বোত্তম বাহন। টাটা মেজিকত এটা ইকো চুইটছ, গিয়াৰশ্বিফ্ট এডভাইজাৰ আৰু মালিকীস্বত্বৰ খৰচ হ্ৰাস কৰিবলৈ উন্নত ড্ৰাইভাৰ এৰ্গ’নমিক্সৰ সুবিধাও আছে। বাহনখনত এবাৰ তেল ভৰালে(ছিংগল ফিল) ৩৮০ কিলোমিটাৰ ক্ৰমবৰ্ধমান ৰেঞ্জ আৰু ২ বছৰৰ ৱাৰেণ্টী প্ৰদান কৰিছে, যিয়ে ব্যতিক্ৰমী প্ৰদৰ্শন আৰু তত্বাৱধান খৰচ কম কৰি তোলে।

নতুন ভেৰিয়েণ্টে চিএনজি আৰু পেট্ৰ’লৰ দ্বৈত সুবিধা প্ৰদান কৰি শেষ মাইলপৰ্যন্ত পৰিবহণৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে। টাটা মটৰ্ছৰ কমাৰ্চিয়েল ভেহিকেলছৰ যাত্ৰী ব্যৱসায় খণ্ডৰ উপাধ্যক্ষ আৰু মুৰব্বী আনন্দ এছে কয় যে, “আমি আমাৰ গ্ৰাহকৰ সমৰ্থন আৰু আনুগত্যৰ বাবে সকলোৰে ওচৰত কৃতজ্ঞ আৰু আমি উচ্চ মানদণ্ডৰ গতিশীলতা সমাধান আগবঢ়াই নিবলৈ সমৰ্পিত হৈ আছো।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *