টাটা মটৰ্ছে বাজাজ ফাইনেন্সৰ সৈতে বাণিজ্যিক বাহনৰ বিত্তীয় যোগানৰ বাবে সহযোগিতা কৰে

116

টাটা মটৰ্ছে বাজাজ ফিনচাৰ্ভ লিমিটেডৰ এক ধ্বজাবাহী প্ৰতিষ্ঠান বাজাজ ফাইনেন্স লিমিটেডৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই সহযোগিতাই টাটা মটৰ্ছৰ বিবিধ গ্ৰাহক আধাৰত অনুকূলিত বিত্তীয় সমাধান আগবঢ়োৱাৰ বাবে বাজাজ ফাইনেন্সৰ বিস্তৃত বিত্তীয় সেৱা নেটৱৰ্কক লাভান্বিত কৰিব।এই চুক্তিৰ অধীনত বাজাজ ফাইনেন্সে প্ৰতিযোগিতামূলক সূতৰ হাৰ, সহজ ঋণ বিকল্প আৰু সুশৃংখলিত ডিজিটেল প্ৰচেছিং প্ৰদান কৰিব আৰু বাণিজ্যিক বাহন ক্ৰেতাসকলৰ বাবে সুবিধা বৃদ্ধি কৰিব। এই অংশীদাৰিত্বই বাজাজ ফাইনেন্সৰ বাণিজ্যিক বাহন বিত্তীয় খণ্ডত প্ৰৱেশ, খণ্ডটোৰ বিকাশৰ সম্ভাৱনা কঢ়িয়াই অনাৰ লগতে মসৃণ মালিকীস্বত্ব অভিজ্ঞতা সহজ কৰাৰ বাবে টাটা মটৰ্ছৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ প্ৰমাণ কৰিলে।

এই সহযোগিতাৰ ইতিবাচক ফলাফলৰ বাবে আশা প্ৰকাশ কৰি টাটা মটৰ্ছৰ বাণিজ্যিক বাহনৰ ট্ৰাকৰ উপাধ্যক্ষ তথা ব্যৱসায়িক মুৰব্বী ৰাজেশ কৌলে কয় যে, “শীৰ্ষ স্তৰৰ গ্ৰাহক সমাধান প্ৰদানৰ আমাৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি আমি বাজাজ ফাইনেন্সৰ সৈতে সহযোগিতা কৰিবলৈ পাই আনন্দিত হৈছোঁ। এই সহযোগিতাই বাজাজ ফাইনেন্সৰ বিস্তৃত নগৰীয়া আৰু গ্ৰামাঞ্চলত প্ৰসাৰৰ জৰিয়তে বিত্তীয় সাহায্যৰ সহজ প্ৰৱেশৰ সৈতে দেশজুৰি উদ্যোগীসকলক সবলীকৰণ কৰিব।”

গ্ৰাহককেন্দ্ৰিক পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি বাজাজ ফাইনেন্সৰ উপ-পৰিচালন সঞ্চালক অনুপ সাহাই দৃঢ়তাৰে কয় যে, “টাটা মটৰ্ছৰ সৈতে আমাৰ অংশীদাৰিত্বৰ লক্ষ্য হৈছে বাণিজ্যিক বাহনৰ বিত্তীয় দৃশ্যপটক নতুনকৈ সংজ্ঞায়িত কৰা। উদ্ভাৱনীমূলক ডিজিটেল প্ৰক্ৰিয়াৰ জৰিয়তে আমি ক্ৰয় যাত্ৰা সৰল কৰাৰ লগতে সমগ্ৰ দেশতে ব্যৱসায়ৰ বিকাশত সহায়ৰ লক্ষ্য ৰাখিছো।”