টাটা মটৰ্ছে সানন্দ প্লাণ্টৰ পৰা ১ মিলিয়ন গাড়ী মুকলিৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে

ভাৰতৰ আগশাৰীৰ অট’ম’টিভ নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে গুজৰাটৰ সানন্দৰ অত্যাধুনিক প্লাণ্টৰ পৰা ১ মিলিয়ন গাড়ী বজাৰলৈ মুকলি কৰি অতিশয় আনন্দিত হৈছে আৰু ইয়ে ভাৰতীয় নিৰ্মাণ আৰু বাহন খণ্ডৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। এই যুগান্তকাৰী সাফল্যই টাটা মটৰ্ছৰ নিৰন্তৰ উদ্ভাৱনৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ প্ৰদৰ্শন কৰিছে, যিয়ে সদায়ে উৎকৃষ্ট সামগ্ৰী প্ৰদান কৰি আহিছে, যাতে গ্ৰাহকৰ আনন্দ বৃদ্ধি পায়। এই সানন্দ প্লাণ্টত টাটা মটৰ্ছৰ নিষ্ঠাৱান কৰ্মচাৰীৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাই সাফল্য অৰ্জনত অৰিহণা যোগাইছে, যাৰ বাবে এই মাইলৰ খুঁটি প্ৰাপ্ত কৰাত সহজ হৈ পৰিছে।

১,১০০ একৰ ভূমি সামৰি ২০১০ত স্থাপিত এই সানন্দ প্লাণ্টে ৬,০০০ৰো অধিক লোকক কৰ্মসংস্থাপন প্ৰদান কৰিছে। টাটা মটৰ্ছৰ সবাতোকৈ শেহতীয়া সম্ভাৱনাপূৰ্ণ উদ্যোগ হিচাপে সানন্দত উন্নত প্ৰযুক্তি আৰু লিন প্ৰচেষ্ট মেনেজমেণ্টৰ ব্যৱস্থা কৰা হৈছে। এই প্লাণ্টত প্ৰেছ, ৱেল্ড, পেইণ্ট, এছেম্বলি আৰু পাৱাৰট্ৰেইনৰ শ্বপ(বিপণী)ছ আছে। ইয়াত বিভিন্ন যাত্ৰীবাহী বাহন যেনে টিয়াগো, টিয়াগো এএমটি, টিয়াগো.ইভি, টিয়াগো আইচিএনজি, টিগ’ৰ, টিগ’ৰ এএমটি, টিগ’ৰ ইভি, টিগ’ৰ আইচিএনজি আৰু এক্সপ্ৰেছ-টি ইভি বাহন উৎপাদন কৰা হয়।

এই উদ্যোগটোৱে সফলতাৰে বহু বাহনৰ মডেল প্লাণ্টলৈ ৰূপান্তৰিত হৈছে, ইয়াৰ বাবে ১০০% সম্পদ ব্যৱস্থাপনা আৰু প্ৰয়োগ কৰি ৩টা মডেলৰ উৎপাদন অব্যাহত ৰাখিছে। এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেড আৰু টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী লিমিটেডৰ পৰিচালন সঞ্চালক শৈলেশ চন্দ্ৰই কয় যে, “আমি আমাৰ কৰ্মচাৰী, যোগানকাৰী, চেনেল অংশীদাৰ আৰু বিশেষভাৱে গুজৰাট চৰকাৰক প্ৰতিনিয়ত অটল সমৰ্থনৰ বাবে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছো, যিয়ে এই মাইলৰ খুঁটি প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত সদায়ে অবিচ্ছেদ্য হৈ আছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *