টাটা মটৰ্চ আৰু এক্সিছ বেংকে এক বিশেষ কাৰ্যসূচী আগবঢ়ায়

 ভাৰতৰ আগশাৰীৰ অট’ম’টিভ নিৰ্মাতা টাটা মটৰ্ছে ভাৰতৰ তৃতীয় সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বেংক প্ৰতিষ্ঠান এক্সিছ বেংকৰ সৈতে সহযোগিতা কৰি কৰ্তৃত্বপ্ৰাপ্ত পেচেঞ্জাৰ ই ভি ডিলাৰসমূহক এক বিশেষ বৈদ্যুতিক বাহন ডিলাৰৰ বিত্তীয় সমাধান আগবঢ়াইছে। এই আঁচনিৰ অধীনত, ডিলাৰসকলে ৰেপো লিংকড লেণ্ডিং ৰেটৰ সৈতে সম্পৰ্কিত আকৰ্ষণীয় মূল্যৰ সৈতে তেওঁলোকৰ আইচিই (ICE) ফাইনেন্স লিমিটৰ উপৰিও ইনভেণ্টৰী পুঁজি লাভ কৰিব পাৰিব। পৰিশোধৰ ম্যাদ ৬০ ৰ পৰা ৭৫ দিনৰ ভিতৰত হ’ব।

বেংকে হাই ডিমাণ্ড পৰ্যায়বোৰ পূৰণ কৰাৰ বাবে অতিৰিক্ত সীমাও আগবঢ়াব, যিটো এবছৰত ৩বাৰ ডিলাৰসকলৰ বাবে উপলব্ধ হ’ব। এই অংশীদাৰিত্বৰ বাবে বুজাবুজি চুক্তিখন টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেল লিমিটেড আৰু টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মোবিলিটি লিমিটেডৰ পৰিচালনা সঞ্চালক শৈলেশ চন্দ্ৰ (Shailesh Chandra) আৰু এক্সিছ বেংকৰ গ্ৰুপ এক্সিকিউটিভ আৰু ৰিটেইল লেণ্ডিং এণ্ড পেমেণ্টছৰ প্ৰমুখ সুমিত বালিয়ে (Sumit Bali) দুয়োটা কোম্পানীৰ আন জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত স্বাক্ষৰ কৰে।

টাটা মটৰ্ছে ইয়াৰ অগ্ৰণী প্ৰচেষ্টাৰে ভাৰতীয় স্বয়ংচালিত বজাৰত বিপ্লৱ আনিছে আৰু বিত্তীয় বৰ্ষ ২২-ত ৮৭% আৰু ব্যক্তিগত আৰু ফ্লীট শাখাত আজিলৈকে ৩০,০০০ তকৈও অধিক টাটা ইভিৰ সৈতে ভাৰতত ই-গতিশীলতা ঢৌৰ নেতৃত্ব দি আছে।  টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেডৰ নেটৱৰ্ক মেনেজমেণ্ট এণ্ড ইভি চেলছৰ জ্যেষ্ঠ মহাপ্ৰৱন্ধক ৰমেশ ডৰাইৰাজনে (Ramesh Dorairajan) কয়, “আমি ইতিবাচক যে এই পদক্ষেপে সেউজ গতিশীলতাৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ আৰু দেশৰ গতিশীলতা খণ্ডত স্থিৰতা বৃদ্ধি কৰাৰ বাবে আমাৰ দৃষ্টিভংগীক অধিক সমৰ্থন কৰিব।”

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *