নিৰৱচ্ছিন্নভাৱে ইভি গ্ৰহণক প্ৰসাৰ টাটা.ইভিৰ #ইজিটুইভি অভিযানৰ

103

টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী লিমিটেডে (টিপিইএম) আৰম্ভ কৰিছে শেহতীয়া #ইজিটুইভি অভিযান –যি হৈছে গ্ৰাহকসকলক সজাগ কৰিবলৈ আৰু ইভিক লৈ চাৰিওফালে মানুহৰ মনত সোমাই থকা বিভিন্ন প্ৰশ্ন, সন্দেহ আৰু বহনক্ষমতাকেন্দ্ৰিক সমস্যাৰ অভিযান, যাৰ ফলত ফেঞ্চ ছীটাৰ আৰু সম্ভাৱ্য গৰাকীসকলৰ মাজত আত্মবিশ্বাস বৃদ্ধি হয়। এই অভিযান সমগ্ৰ প্লেটফৰ্মতে প্ৰচাৰ কৰা হৈছে আৰু টাটা আইপিএল ২০২৪ৰ সময়তো বিশাল দৰ্শকক আকৰ্ষিত কৰিবলৈ প্ৰদৰ্শন কৰা হৈছিল।

ভাৰতত বৈদ্যুতিক বাহন(ইভি)ক গণতান্ত্ৰিক কৰাৰ লক্ষ্যৰে টাটা.ইভিয়ে #ইজিটুইভি অভিযানৰ প্ৰচাৰ কৰিছে। এই অভিযানে সমৰ্থক আৰু আগ্ৰহী উভয়ৰে সৈতে জড়িত হৈ ইভিৰ সৈতে সহজ জীৱনক উজ্বল কৰি আশাৰ ৰেঙণি কঢ়িয়াই আনিছে। এই অভিযানে সম্ভাৱ্য ক্ৰেতাসকলৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰে, কিয়নো ভাৰতৰ ইভি ছেগমেণ্টে ২০২৪ বিত্তীয় বৰ্ষত বছৰৰ পিছত বছৰ উত্থানেৰে ৯০% বৃদ্ধি পাইছে।

যোৱা বৰ্ষৰ ২০২৩ৰ টাটা আইপিএলৰ সময়ত আৰম্ভ কৰা এই অভিযান টাটা.ইভিৰ গো.ইভি’ শৃংখলাৰ ভিডিঅ’ৰ এক সম্প্ৰসাৰণ, যিয়ে ইভি আঁকোৱালি লোৱাৰ বিভিন্ন কাৰণ আৰু দিশসমূহ উন্মোচন কৰিছিল। ভাৰতত পৰৱৰ্তী প্ৰজন্মৰ ইভি ক্ৰেতাসকলক শক্তিশালী কৰাৰ লক্ষ্যৰে এই বছৰৰ #ইজিটুইভি অভিযানে সম্পৰ্কিত, লাইট-হাৰ্টেড ভিগনেটৰ এক শৃংখলাৰ জৰিয়তে প্ৰতিবন্ধকতাসমূহ নোহোৱা কৰি নতুন বাট মুকলি কৰে, যাৰ ফলত সৰ্বাধিক প্ৰভাৱ আৰু অনুৰণন নিশ্চিত হয়। উদ্ভাৱন আৰু এক বহনক্ষম ভৱিষ্যতৰ অনুসৰণৰ প্ৰমাণ হিচাপে এই অভিযানে ইভি গ্ৰহণৰ বিষয়ে নিৰন্তৰ বাৰ্তালাপ আৰম্ভ কৰিছে।